গুৱাহাটী – বিশিষ্ট চলচ্চিত্র নির্মাতা মঞ্জু বৰালৈ আগবঢ়োৱা হ’ব চলিত বর্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা। অহা ১৭ ডিচেম্বৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে বোকাখাতৰ কমাৰগাঁৱৰ আইদেউ সন্দিকৈৰ জন্মস্থানত প্রদান কৰিব এই বঁটা৷ এই বিষয়ে ব্য়ক্ত কৰিছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্রধান সম্পাদিকা ড০ থুনু কলিতাই।

উল্লেখ্য যে বিগত ২০০৪ বর্ষৰ পৰা কলা-সংস্কৃতিৰ ক্ষেত্রত বিশেষ অৰিহণা যোগোৱা একোগৰাকী বিশিষ্ট ব্যক্তিলৈ অসম লেখিকা সমাৰোহ সমিতিয়ে এই বঁটা প্রদান কৰি আহিছে৷

এইবছৰ বিশিষ্ট চলচ্চিত্র প্রযোজক, পৰিচালিকা তথা ৮ টাকৈ ৰাষ্ট্রীয় তথা কেবাটাও আন্তঃৰাষ্ট্রীয় বঁটাৰে সমৃদ্ধ মঞ্জু বৰাক এই বঁটাৰ বাবে বাচনি কৰা হৈছে। স্মৰ্তব্য যে আইদেউ সন্দিকৈৰ জন্ম শতবর্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মঞ্জু বৰাক এই বঁটা প্রদান কৰা হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply