কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়া মনোনয়ন দিবলৈ আহিল হাতীত উঠি , সংগ দিলে গৌৰব গগৈ আৰু ৰকিবুল হুচেইনে

নিউজ ডেস্ক: মনোনয়ন দাখিলৰ দিনাই গোলাঘাটৰ আকাশত উৰিল কংগ্ৰেছ আৰু বিজেপিৰ হেলিকেপ্টাৰ।গোলাঘাট বিধান সভা সমষ্টিত কংগ্ৰেছ, বিজেপিয়ে পৃথকে পৃথকে কৰিলে শক্তি প্ৰদৰ্শন।এফালে যদি অজন্তাক লগত লৈ হিমন্তৰ পদযাত্ৰা আনফালে গৌৰৱ গগৈ, ৰকিবুল হুছেইন হাতীৰ পিঠিত উঠি বিতোপন শইকীয়াই দাখিল কৰিলে মনোনয়ন পত্ৰ। মনোনয়ন দাখিলৰ দিনাই গোলাঘাটত বিজেপি আৰু কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন।এফালে হিমন্তৰ চাৰি কিলোমিটাৰ জোৰা পদযাত্ৰা আনফালে হাতীৰ পিঠিত গৌৰৱ গগৈ ৰকিবুল হুচেইনৰ মনোনয়ন দাখিলৰ বাবে যাত্ৰা।দুয়োটা দলতে হাজাৰ হাজাৰ সেনানী।ন বিজেপি অজন্তা আৰু ন কংগ্ৰেছী বিতোপনে সমানে সমানে কৰিলে শক্তি প্ৰদৰ্শন কৰে।

হিমন্তৰ চাৰি কিলোমিটাৰ জোৰা পদযাত্ৰা


ইপিনে অজন্তা নেওগৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই।একেদিনাই মনোনয়ন দাখিল কৰিলে খুমটাইৰ কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈ, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পৱন শইকীয়াই।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ কাৰ্যালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মনোনয়ন দাখিল কৰে ।
অগপ সভাপতি অতুল বৰাই সমদল উলিয়াই মনোনয়ন দাখিল কৰে ।

শিৱসাগৰ পিছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হৈ আজি মৰিয়নী সমষ্টিত প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে সমৰ্থকসকলে । দুপৰীয়া মৰিয়নীৰ ৰাইজৰ দলৰ নেতা – কৰ্মীয়ে কৃষক মুক্তি সহস্ৰাধিক সমৰ্থকক লগত লৈ তিতাবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ।এইবাৰ মৰিয়নী সমষ্টিৰ পৰা বিজেপিৰ ৰমনী তাঁতী , কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মী অসম জাতীয় পৰিষদৰ অলক ঘোষ আৰু ৰাইজৰ দলৰ অখিল গগৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ কাৰ্যালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মনোনয়ন দাখিল

বোকাখাতত মহাজোঁটৰ সমৰ্থিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণব দলেৰ মনোনয়ন দাখিল। বিশাল ৰেলীৰে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল। চতিয়াত পদ্ম হাজৰিকা আৰু বিহপুৰায়াত প্ৰেমধৰ বৰাৰ মনোনয়ন পত্ৰ দাখিল । নাহৰকটীয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মন্তব্য ‘মোৰ জয় নিশ্চিত, ২০২১ত অসমত হ’ব জাতীয়তাবাদৰ চৰকাৰ’। ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিশ্বনাথ জিলা উপযুক্ত কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে । বিহালী সমষ্টি পৰা প্ৰায় ২ হাজাৰো অধিক বাইক , ৫ শৰো অধিক গাড়ীৰ ৰেলীৰে আহি মনোনয়ন দাখিল কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply