সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ তালিকা

নিউজ ডেস্ক: মাজুলী সমষ্টিৰ প্ৰাৰ্থী হিচাবে দাখিল কৰা মনোনয়ন পত্ৰৰ ওলাল মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ তালিকা । মুখ্যমন্ত্রীৰ হাতে জমা ৩৯ হাজাৰ ৩০ টকা ১৩ পইচা । বিভিন্ন বেংকত জমা আছে ৩৮ লাখ ২ হাজাৰ ৪৯৮ টকা ৯৮ পইচা । অইলত শ্বেয়াৰ আছে ১৩ লাখ ৪ হাজাৰ ৬৯৭ টকা, ৭০ পইচা ।বীমা পলিচি আছে মুখ্যমন্ত্রীৰ ৪৩ লাখ ২৬ হাজাৰ ৪৬১ টকা।মুখ্যমন্ত্রী সোণোৱালৰ ঋণ আছে ১৬ লাখ ৭৮ হাজাৰ ৭০৭ টকা। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নাই কোনো বাহন । মুখ্যমন্ত্রীৰ অস্থাৱৰ সম্পত্তি পৰিমান ১ কোটি ১৪ লাখ ৭৬ হাজাৰ ৩৯৪ টকা। আনহাতে মুখ্যমন্ত্রীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২ কোটি ২ লাখ ৯৫ হাজাৰ টকা ।
২০১৬ চনৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা সম্পত্তি পৰিমান আছিল ১কোটি ৮২ লাখ ১৭ হাজাৰ ৯১০ টকা |
ইয়াৰে ১কোটি ১ লাখ ৩৭ হাজাৰ ৯১০ টকা আছিল অস্থাৱৰ সম্পত্তি । ৮০ লাখ ৮০ হাজাৰ স্থাৱৰ সম্পত্তি । সেই হিচাবত যোৱা পাছবছৰত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি বাঢ়িল ১ কোটি ৩৫ লাখ ৫৩ হাজাৰ ৪৮৪ টকা । গড় হিচাবত যোৱা ৫ বছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তি বৃদ্ধি হ’ল ৭৩.৩৯ শতাংশ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply