২২ মাৰ্চৰ চাহ বাগিছা বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে আটছাই

নিউজ ডেস্ক: ২২ মাৰ্চত চাহ বাগিচা বন্ধ কাৰ্যসূচী বাতিল কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)।
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীৰে এই বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল সন্থাই।
বিষয়টোৰ সন্দৰ্ভত বাগিচাৰ মালিক পক্ষ আৰু সন্থাৰ গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বাবে সাময়িকভাৱে এই কাৰ্যসূচী স্থগিত ৰাখিছে চাহ জনজাতি ছাত্ৰ সন্থাই। বন্ধৰ সন্দৰ্ভত শনিবাৰে বোকাখাতত আটছাৰ এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হৈছিল। এই সন্দৰ্ভত আটছাৰ সহকাৰী সম্পাদক জগদীশ ব’ৰাইকে ইষ্ট ম’জ’ অসমৰ আগত জনোৱা মতে, ” ১১ মাৰ্চত ডিব্ৰুগড়ত হোৱা আটছাৰ সিদ্ধান্ত মৰ্মে এই বন্ধৰ আহ্বান জনোৱা হৈছিল । ৰাজ্য চৰকাৰে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত বিপক্ষে বাগিছাৰ মালিক পক্ষই আদালতৰ কাষ চপাত আটছাৰ ফালৰ পৰাও আদালতৰ কাষ চাপিছিল । এই গোচৰটোত বৰ্তমান সময়ত আটছাও এটা পাৰ্টি হিচাবে আছে । সেইবাবেই ন্যায়ালয়ৰ সিদ্ধান্ত নহালৈকে আটছাই অহা ২২ মাৰ্চৰ বন্ধ কাৰ্যসূচী বাতিল কৰিছে । ন্যায়ালয়ৰ সিদ্ধান্ত শ্ৰমিক সকলৰ বিপক্ষে গ’লে এই সম্পৰ্কে পুনৰ বিবেচনা কৰিব ।”

বৰ্তমান সময়ত এই বিষয় লৈ আদালতত গোচৰটো চলি আছে এই সময়ত বন্ধ দিলে চাহ বাগিচাৰ মালিক পক্ষই বিভিন্ন অভিযোগ আনি গোচৰটো যাতে অন্য দিশলৈ নিয়াৰ শংকা প্ৰকাশ কৰিয়েই বন্ধটো উঠাই লোৱাৰ সিদ্ধান্ত কালি বোকাখাতত বঢ়া জৰুৰী বৈঠকত লয় আটছাই ।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ কেবিনেটে চাহ শ্ৰমিকৰ মজুৰি ২১৭ টকালৈ বৃদ্ধি কৰাৰ পাছতে ইয়াৰ বিৰোধিতা কৰি চাহ বাগিছাৰ মালিক পক্ষই উচ্চ ন্যায়ালয়ত এক গোচৰ দিছিল।
এই গোচৰৰ ভিত্তিতে মালিক পক্ষৰ বিৰুদ্ধে তথা চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী তুলি চাহ জনজাতি ছাত্ৰ সন্থাই আন এক গোচৰ দিছিল। দুয়োটা গোচৰ বৰ্তমানো বিচাৰাধীন হৈ আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply