নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ ডকিউমেন্ট ভেৰিফিকেশ্যন অৰ্থাৎ দস্তাবেজ প্ৰমাণীকৰণৰ তাৰিখ ঘোষণা কৰা হৈছে। 

নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে ১৫ মে’ৰ পৰা ১৭ মে’লৈকে কৰা হ’ব দস্তাবেজ প্ৰমাণীকৰণ। কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে প্ৰাৰ্থীসকলৰ দস্তাবেজ প্ৰমাণীকৰণ কৰা হ’ব। 

প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথিপত্ৰসমূহৰ লগতে অনলাইন আৱেদন, এডমিট কাৰ্ড, আধাৰ কাৰ্ড/পান কাৰ্ড, এখন পাছপৰ্ট ছাইজ ফটো নিব লাগিব। আৰু নথিপত্ৰসমূহ ছেল্ফ এটাষ্টেড অৰ্থাৎ স্বপ্ৰমাণিত হ’ব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply