নিউজ ডেস্কঃ সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে ৭৬ সংখ্যক স্বাধীনতা দিৱস। পুৱাই ত্ৰিৰংগা উত্তোলন কৰি দেশবাসীয়ে স্বাধীনতাৰ মহাৰজত জয়ন্তী।
গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস। লগতে কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যলয়তো স্বাধীনতা দিৱস উপলক্ষে উত্তোলন কৰা হয় জাতীয় পতাকা।
পতাকা উত্তোলন কৰে সহাকাৰী আয়ুক্ত গৌতম দাসে। লগতে জিলা পৰিবহন বিষয়া হিমাংশু দাস, কাৰ্যালয়ৰ দ্বি শতাধিক কৰ্মচাৰী উপস্থিত থাকে।
ইফালে, মঙলদৈ কাছাৰী ময়দানত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এইবছৰৰ স্বাধীনতা দিৱস জাকজমকতাৰে পালন কৰা হৈছে। মঙলদৈ কছাৰী ময়দানত অসম আৰক্ষী,গৃহৰক্ষী বাহিনী,চি আৰ পি এফ এন চি চি, স্কাউট গাইড চিভিল ডিফেঞ্চ আদি দলে অংশগ্ৰহণ কৰে।
আনহাতে, টীয়কতো টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত টীয়ক পৌৰসভা আৰু টীয়কবাসী ৰাইজৰ সহযোগত টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ চৌহদত ৭৬ সংখ্যক স্বাধীনতা দিৱস উলহ মালহে উদযাপন কৰা হৈছে। দেশে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে বিগত সময়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি স্বাধীনতা দিৱসৰ দিনা ৰাজহ চক্ৰ বিষয়াই জাতীয় পতাকা উত্তোলন কৰি আজিৰ কাৰ্যসূচীৰ আৰম্ভণী কৰে।
ধেমাজিতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। উক্ত কাযসূচীত পতাকা উত্তোলন কৰে ধেমাজি জিলাৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য মহোদয়ে লগতে সহযোগ কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা ডাঙৰীয়াই ।
প্ৰথমে দেশৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদ যোৱানক শ্ৰদ্ধাৰে সোৱৰে আৰু শ্ৰদ্ধাঞ্জলি জনায় ,তাৰ পিছত ৭৬সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি সংগতি ৰাখি বহল ভাৱে বক্তব্য আগবঢ়ায় জিলাৰ উপায়ুক্ত গৰাকীয়ে।
ধেমাজি জিলাৰ গাতে লাগি থকা লখিমপুৰতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক খেল পথাৰত।
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্রী যোগেন মহনে। জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্রী গৰাকীয়ে আৰক্ষী, গৃহৰক্ষী আদি বিভাগৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র ছাত্রীৰ মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে।