নিউজ ডেস্কঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ সন্মিলনত পাকিস্তানৰ প্ৰধান শ্বাহবাজ শ্বৰীফে কৰা ভাৰত বিৰোধী মন্তব্যক লৈ শনিবাৰে আলোচনা কৰে ভাৰতে।
ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতীয় মিছনৰ প্ৰথমগৰাকী সচিব মিজিটো বিনিটোই কাশ্মীৰ বিষয়ক লৈ পাক প্ৰধানমন্ত্ৰীগৰাকীৰ দাবীক মিছা বুলি আখ্যা দিয়াৰ লগতে ইছলামাবাদত সন্ত্ৰাসবাদৰ সৈতে শ্বাহবাজ শ্বৰীফ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে।
বিনিটোৱে কয় যে- ‘এয়া বৰ দুখজনক যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বাবে এইখন মঞ্চৰ বাচনি কৰিছে। তেওঁ নিজৰ দেশৰ বহু বেইনী কাৰ্যকলাপ ঢাকিবলৈ আৰু ভাৰতৰ বিৰুদ্ধে কৰা অভিযোগক সঁচা প্ৰমাণ কৰিবলৈ কৰা এনে কামক সমগ্ৰ বিশ্বই অস্বীকাৰ কৰিছে।’
সন্ত্ৰাসবাদী ডাউড ইব্ৰাহীমৰ কথা উল্লেখ কৰি বিনিটোই কয় যে- ‘শান্তি বিচৰা কোনো দেশে ১৯৯৩চনত মুম্বাইত হোৱা বোমা বিস্ফোৰণৰ মুল খলনায়কক আশ্ৰয় নিদিয়ে। যিখন দেশে শান্তি বিচাৰে, সেই দেশে কেতিয়াও চুবুৰীয়া ৰাষ্ট্ৰৰ সীমান্তত সন্ত্ৰাসবাদীক পঠিওৱাৰ পৃষ্ঠপোষকতা নকৰে। ‘