গুৱাহাটীঃ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত তামিলনাডুত অসমৰ এটা হাতী জয়মালাক কৰা অবৰ্ণনীয় অত্যাচাৰৰ খবৰটিৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বন বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে।

বন বিষয়া, আৰক্ষী বিষয়া আৰু পশু চিকিৎসকক লৈ গঠন কৰা এটা দলে তামিলনাডুত উপস্থিত হৈ তামিলনাডু চৰকাৰ আৰু বন বিভাগৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰে হাতীটোৰ অৱস্থাৰ বুজ লৈ অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।

তামিলনাডুলৈ যাবলগীয়া দলটোৰ সদস্যসকল হৈছে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিৰ্দেশ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কুশল কুমাৰ শৰ্মা, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক, অপৰ্ণা নটৰাজন, তিনিচুকীয়া জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া, ডাঃ ৰূপজ্যোতি কাকতি।

উল্লেখ্য যে, অসমৰ পৰা নিয়া জয়মালা নামৰ যোৰহাট তিতাবৰৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সৰৱ হৈ উঠিছে প্ৰকৃতিপ্ৰেমীসকল। অসমৰ বাহিৰলৈ নিয়া হাতীসমূহৰ ভিতৰত জয়মালা নামৰ হাতীজনীক তিনি মাহৰ বাবে তামিলনাডুলৈ নি আজি ১৩-১৪ বছৰে ঘূৰাই নিদিয়াত বন্যপ্ৰেমীসকল ক্ষুব্ধ হৈ পৰিছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply