মঙলদৈঃ প্ৰতি বছৰে এগৰাকী দেৱী মা দুৰ্গাক আমি পূজা-অৰ্চনা কৰি অহা এইখন দেশত এতিয়াও নাৰী যৌতুকৰ দৰে পৰম্পৰাৰ বলি হৈ আহিছে। যি গৰাকী নাৰীয়ে অসহনীয় কষ্ট সহ্য কৰি এটি সন্তান জন্ম দিয়ে, এটা পৰিয়াল চম্ভালি নিজৰ জীৱন পৰিয়ালৰ নামতে অৰ্পণ কৰে সেইগৰাকী নাৰী আজিৰ সময়তো বলি হয় যৌতুকৰ।
এনে এক ঘটনা সংঘটিত হৈছে মঙলদৈৰ মোৱামাৰীত। মোৱামাৰীৰ নতুন বজাৰৰ গোলাপফুল নামৰ এগৰাকী মহিলাক হত্যাৰ ভাবুকি দিয়ে স্বামী ভূৰ্কন আলীয়ে।
উল্লেখ্য যে, ১০ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল গোলাপফুল আৰু ভূৰ্কণ। বিবাহৰ এবছৰ পিছৰে পৰা গোলাপফুল আৰু ভূৰ্কনৰ মাজত যৌতুক জনীত কাৰণত কাজিয়াৰ সৃষ্টি হয় আৰু শুকুৰবাৰে স্বামীয়ে গোলালফুলক মাৰপিট কৰি ঘৰৰ পৰা খেদি পঠিয়ায়।
গোলাফফুলে অত্যাচাৰ সহিব নোৱাৰি অৱশেষত মঙলদৈ সদৰ থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে গোলাপফুলে ভূৰ্কনক উচিত শাস্তি প্ৰদান কৰাৰ দাবী কৰে সংবাদ মাধ্যমৰ আগত।