নিউজ ডেস্কঃ গুৱাহাটীত এতিয়াও অসম্পূৰ্ণ হৈয়ে আছে তিনিটাকৈ পানী যোগান প্ৰকল্প। মহানগৰীৰ গাতে যদিওবা মহাবাহু ব্ৰহ্মপুত্ৰ লাগি আছে কিন্তু এটুপি পানীৰ বাবে মহানগৰবাসীয়ে হাৰাশাস্তি ভূগিবলগীয়া হৈছে।
আজি এই পানী প্ৰকল্পৰ সন্দৰ্ভতে এক সংবাদমেল সম্বোধন কৰে আম আদমী পাৰ্টী অসমে। গণেশগুৰি মুখ্য কার্যালয়ত আয়োজন কৰা এই সংবাদমেলত আপ অসমৰ হৈ জিতুল ডেকাই কয় যে- দক্ষিণ পশ্চিম পানী যোগান আঁচনি, দক্ষিণ কেন্দ্রীয় পানী যোগান আঁচনি, দক্ষিণ পূৱ পানী যোগান আঁচনি নামেৰে গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰে এই আঁচনি কেইটা হাতত লৈছিল। কিন্তু কার্যক্ষেত্ৰত এটাও পানী যোগান আঁচনি এতিয়ালৈ সম্পূর্ণ হৈ উঠা নাই।
লগতে তেওঁ কয়- ইয়াৰে গুৱাহাটী দক্ষিণ পশ্চিম পানী যোগান আচঁনিত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। JNNURM আঁচনিৰ অধীনত জি এম ডি এ গেমনক ২০০৯ৰ ৩ মাৰ্চ তাৰিখে এই আঁচনি ৰূপায়ণৰ কাম আৱণ্টন দিছিল। দক্ষিণ পশ্চিম গুৱাহাটীৰ প্ৰায় ৪.৪৫ লাখ লোকক খোৱা পানী যোগান ধৰিবৰ বাবে এই কাম দিয়া হৈছিল গেমনক। তেতিয়াৰ পৰা ১৩ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূর্ণ হৈ নুঠিল এই পানী যোগান আঁচনি।
‘এই অসম্পূর্ণ আঁচনিৰ বাবদ গেমন ইঞ্জিনিয়াৰ্চ এণ্ড কনট্ৰেক্টৰ প্ৰাইভেট লিমিটেডক চৰকাৰে আদায় দিলে ৩৭৭.৮৪ কোটি টকা। এই অসম্পূর্ণ প্রকল্পটো ২০২০ চনৰ নৱেম্বৰ মাহত আংশিক ভাবে উদ্বোধন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। আংশিক ভাবে উদ্বোধন কৰি যি কেইটা অঞ্চলত এই আঁচনিৰ পৰা যোৱা পানী যোগান ধৰা হ’ব বুলি ঘোষণা কৰিছিল সেই অঞ্চল সমূহতো ৰাইজে এতিয়া পোৱা নাই খোৱা পানী।’- এনেদৰে সংবাদমেলত কয় আপ, অসমে।
তদুপৰি, জিতুল ডেকাই কয় যে- এই আঁচনিৰ মতে পানী যোগানৰ বাবে মুঠ ৪২১.৮৯ কিমি পাইপ বহুৱাব লাগিছিল যদিও এতিয়ালৈ ৫৮.৫৬ কি.মি.পাইপ বহুৱাবলৈ বাকী থাকিল৷ তাৰোপৰি এতিয়ালৈ ৪৯.৩০২ কি. মি. পাইপ বিভিন্ন কাৰণত ফাটিছে বা বেয়া হৈছে, যি সমূহ পুনঃনিৰ্মাণ কৰিবলৈ এতিয়াও বাকী আছে। তাৰ পিছতো গেমনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ক্ষতিপূৰণ বিচৰা বা প্রতিস্থানটোক ব্লেকলিষ্টেড কৰাৰ দৰে কঠোৰ ব্যৱস্থ গ্ৰহণ নকৰিলে চৰকাৰে।
বিজেপি চৰকাৰক সমালোচনা কৰি লগতে তেওঁ কয়- যোৱা ৮আগষ্ট ২০২২ তাৰিখে চৰকাৰে সেমনক অতি ৰহস্যজনক ভাবে এই কামৰ পৰা আঁতৰাই দায়িত্ব সামৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোড বৃহৎ কমিছনৰ অংক লুকাই আছে বুলি অভিযোগ কৰে আপ অসমে। পুঁজিপতিক তুষ্ট কৰাত ব্যস্ত বিজেপি চৰকাৰে গেমনক ৰেহাই দিয়া কাৰ্যৰ উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগে। গুৱাহাটীবাসীক পানী যোগানৰ নামত সংঘটিত এনে কেলেংকাৰী তথা পানীযোগান নিশ্চিত। কৰাৰ দাবীত আৰু অসমে অহা ১ নৱেম্বৰৰ পৰা আৰম্ভ কৰিব আন্দোলন।