নিউজ ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচন সমূখত। এই নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটত ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 

দেওবাৰে ৱলছাডত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে গুজৰাট চৰকাৰক তীব্ৰ সমালোচনা কৰে। জনসভাত উপস্থিত থকা সাধাৰণ ৰাইজক সম্বোধন কৰি তেওঁ কয় যে- আপোনালোক সকলোৱে আজি পৰিৱৰ্তনৰ বাবে আহিছে। গুজৰাটত আপৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে। আমি প্ৰতিটো প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিম আৰু গুজৰাটৰ নৱপ্ৰজন্মৰ ভৱিষ্যত আমি সুনিশ্চিত কৰিম।

লগতে তেওঁ কয় যে- কেন্দ্ৰীয় চৰকাৰৰ আইবি এজেন্সীয়ে গুজৰাটত সমীক্ষা কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে কাক ভোট দিব। আইবি সমীক্ষা ইতিমধ্যে জাৰি কৰিছে। এইবাৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে। 

১ ডিচেম্বৰত আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমে দুৰ্নীতি আঁতৰাম বুলি উল্লেখ কৰি তেওঁ কয় – পূৰ্বৰ চৰকাৰে গুজৰাটক লুটিছে। গুজৰাটৰ এগৰাকী বিধায়ক আছে যাৰ নিৰ্বাচনৰ পূৰ্বে ৪ একৰ মাটি আছিল, কিন্তু ৫ বছৰৰ পাছত ১০০০ একৰ মাটিৰ সম্পত্তি এতিয়া তেওঁৰ নামত আছে। কিন্তু ৰাইজৰ বাবে কি কাম কৰিবলৈ হ’লে কয় যে চৰকাৰৰ ওচৰত ধন নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply