নিউজ ডেস্কঃ দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে হিন্দী ধৰ্মক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগৰ মাজতে পদত্যাগ কৰিছে। অভিযোগ অনুসৰি শুকুৰবাৰে এক ধৰ্মীয় অনুষ্ঠানত হিন্দু ধৰ্মক লৈ তেওঁ বিৰূপ মন্তব্য কৰিছিল। 

এই মন্তব্যৰ পাছতে বিজেপি আম আদমী পাৰ্টীক লৈ তীব্ৰ সমালোচনা কৰে। ৰাজেন্দ্ৰ পাল গৌতমে হিন্দী দেৱী-দেৱতাক লৈ অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে। 

মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে হাজাৰ হাজাৰ লোকৰ সন্মুখত ৰাম-কৃষ্ণ ভগৱানক নামানিবলৈ আৰু পূজা নকৰিবলৈ শপত গ্ৰহণ কৰক বুলি কোৱা এটা ভিডিঅ ইতিমধ্যে ভাইৰেল হৈছে। বিজেপিয়ে লগতে ৰাজেন্দ্ৰ গৌতমক হিন্দু সকলক ক্ষমা খুজিবলৈ দাবী জনাইছে। 

ইফালে, মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- মই সকলো ধৰ্মৰ দেৱী-দেৱতাক সন্মান কৰো। মই কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰা নাই। যিসকলে বিজেপিৰ অপপ্ৰচাৰ শুনি কষ্ট পাইছে তেওঁলোকক মই ক্ষমা খুজিছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply