জামুগুৰিহাট: দীৰ্ঘদিন শাৰীৰিক অসুস্থতাত ভোগী শুকুৰবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ চলচ্চিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বটা প্ৰাপক ভোলা কটকীয়ে। তেওঁৰ নশ্বৰ দেহ শনিবাৰে পুৱা জামুগুৰিহাটৰ সংগীয়া মাজৰচুক গাঁৱলৈ অনা হয়।
ইফালে, প্ৰয়াত শিল্পী গৰাকীৰ বাসগৃহত ভিৰ কৰিছে অগণন গুণমুগ্ধই । জামুগুৰিহাটৰ ডেৰ কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে প্ৰিয় নাট্য শিল্পীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে ।
শিল্পী গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাইও । উল্লেখ্য যে, ৭০ আৰু ৮০ দশকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত নিজৰ বলিষ্ঠ অভিনয়ৰে অসমবাসীৰ মাজত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল ভোলা কটকীয়ে ।