নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৪চনৰ নিৰ্বাচনৰ ফলাফলৰ কিছু আভাস দিয়ে এক জনসভাত। দেওবাৰে গৃহমন্ত্ৰীগকাৰীয়ে মন্তব্য কৰে যে- শেহতীয়া গুজৰাট নিৰ্বাচনে কেৱল ৰাজ্যখনৰ বাবেই নহয় বৰং সম্পূৰ্ণ দেশখনৰ বাবেই কিছু বাৰ্তা প্ৰেৰণ কৰিছিল । এই বাৰ্তা অনুসৰি, ২০২৪ চনতো দেশৰ প্ৰধান মন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীকেই প্ৰত্যক্ষ কৰাটো নিশ্চিত । 

তেনেস্থলত কেৱল নৰেন্দ্ৰ মোডীয়েই নহয় সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীৰেই জয় নিশ্চিত । কেন্দ্ৰত দেখা যাব বিজেপি দলৰেই চৰকাৰ বুলি কয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে। 

ইফালে, একেখন সভাতে মন্ত্ৰী গৰাকীয়ে আম আদমি পাৰ্টী সন্দৰ্ভত ভাষ্য দিয়ে যে, বিগত গুজৰাট নিৰ্বাচনত দলটিয়ে কংগ্ৰেছৰ ভোট বিভাজন কৰি ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যক্ষভাৱেই সহায় কৰিলে । যাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰেই গুজৰাটত বিজয় লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply