নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদক লৈ আজি বিশেষ মন্তব্য কৰে। তেওঁ কয় যে- সন্ত্ৰাসবাদীক ধন দি সহায় কৰা কাৰ্য ভয়াৱহ হৈ পৰিছে।
লগতে তেওঁ কয়- সন্ত্ৰাসবাদীক সুৰক্ষা প্ৰদান কৰা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ সমান।
সন্ত্ৰাসবাদীয়ে চেষ্টা চলাই আছে অধিক সন্ত্ৰাসবাদ বিয়পোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে- নিঃসন্দেহে সন্তাসবাদে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবে ডাঙৰ সমস্যা।
‘মোৰ বিশ্বাস যে, সন্ত্ৰাসবাদ সমস্যাক কোনো ধৰ্ম, ৰাষ্ট্ৰ বা সংগঠনৰ সৈতে জড়িত কৰিব নোৱাৰি।’- কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।