নিউজ ডেস্কঃ সমগ্ৰ দেশতেই দুৰ্গা পূজা আৰু নৱৰাত্ৰিক লৈ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজমান। বিভিন্ন স্থানত পূজা মণ্ডপসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে আশীৰ্বাদ বিচাৰি দেৱীৰ মাৰ ওচৰ চাপিছে।
ইয়াৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ পেনুগোণ্ডাস্থিত দেৱী বাসৱী কন্যকা পৰমেশ্বৰী মন্দিৰক লৈ চৰ্চা চলিছে। ১৩৫ বছৰ পুৰণি এই মন্দিৰটো প্ৰায় ৮ কোটি টকাৰ নোট আৰু সোণ-ৰূপেৰে সজোৱা হৈছে। দেৱী মাৰ মূৰ্তিটোও ৬ কিলোগ্ৰাম সোণ আৰু ৩ কিলোগ্ৰাম ৰূপৰ অলংকাৰেৰে সজাই তোলা হৈছে।
সোণ-ৰূপেৰে দেৱী মাৰ মূৰ্তি সঁজোৱাৰ পৰম্পৰা
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, নৱৰাত্ৰিৰ দিন কেইটাত এই মন্দিৰটো এনেদৰে সজোৱাৰ পৰম্পৰা বহু পুৰণি। প্ৰতিবাৰে কোটি কোটি টকাৰ নোট, সোণ আৰু ৰূপৰ অলংকাৰেৰে সজাই তোলা হয় মন্দিৰৰ লগত দেৱী মাৰ মূৰ্তি।
মন্দিৰ পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত কয় যে- এয়া সাৰ্বজনিক দানৰ পৰা জমা হোৱা ধনেৰে সজোৱা হয়। আৰু পূজা সম্পন্ন হোৱাৰ পাছত পুনৰ ঘূৰাই দিয়া হয় দাতাসকলক।