গুৱাহাটীঃ ২৩ ছেপ্টেম্বৰত ৰাজ্যৰ ১১,২০২ গৰাকী সফল প্ৰাৰ্থীক নতুনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

অসম চৰকাৰৰ ২১টা বিভাগত দিয়া হ’ব নিযুক্তি। গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ গৰাকীক নিযুক্তি। উচ্চ কাৰিকৰী শিক্ষাত ৯২৭, শিক্ষা বিভাগত ৩৮১১ গৰাকীক নিযুক্তি। পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭, লোক নিৰ্মাণ বিভাগত ৩০৪, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯, জলসিঞ্চনত ১৩৭ গৰাকীক,পৰিবেশ আৰু বনত ৩৩গৰাকী,পৰিবহণত ৩গৰাকী,গৃহ আৰু নগৰ পৰিক্ৰমাত ১গৰাকী, মহিলা আৰু শিশু উন্নয়নত ৪গৰাকী, জলসম্পদত ৩গৰাকী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত ৪গৰাকী, ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩গৰাকী, হস্ততাঁত আৰু বস্ত্ৰশিল্পত ৬গৰাকী, ৰূপান্তৰ আৰু উন্নয়নত ১১গৰাকী, সমবায়ত ২গৰাকী, দক্ষতা,নিয়োগ আৰু উদ্যোগীকৰণত ২৪গৰাকী, তথ্য আৰু জনসংযোগত ১গৰাকী প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি।

ৰাজ্য চৰকাৰৰ ১লাখ নিয়োগ প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ২৭,৭৩৭গৰাকী প্ৰাৰ্থীক পূৰ্বে নিযুক্তি দিয়াৰ পাছত এইবাৰ ১১,২০২গৰাকীক প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰিব নিযুক্তি পত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply