নিউজ ডেস্ক: অসম লোকসেৱা আয়োগৰ কেইবাজনো পূৰ্বৰ বিষয়া-কৰ্মচাৰীক তলব কৰিবলৈ প্ৰস্তুতি চলাইছে ন্যায়িক তদন্ত আয়োগে। ৰাকেশ পালৰ দিনত সংঘটিত বিয়াগোম চাকৰি কেলেংকাৰিৰ তদস্ত কৰিবৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগে সম্প্রতি ২০১৪ চনত সংঘটিত কেলেংকাৰিৰ তদন্ত কৰি আছে।

আয়োগে ইতিমধ্যে কেইবাজনো লোকসেৱা আয়োগৰ প্ৰাক্তন কৰ্মচাৰী আৰু সদস্যক জেৰা কৰিছে। শেহতীয়াকৈ আয়োগৰ প্ৰাক্তন প্রধান সহকাৰী পৰীক্ষা নিয়ন্ত্রক পবিত্র কৈৱর্তকো তলব কৰিছে।

এইবাৰ ন্যায়িক তদন্ত আয়োগে লোকসেৱাৰ আয়োগত ৰাকেশ পালৰ কাৰ্যকালত চাকৰি কৰা অন্য কেইবাজনো কৰ্মচাৰীক তলব কৰিবৰ বাবে সাজু হৈছে। এই কৰ্মচাৰীসকলো প্ৰত্যক্ষ বা পৰোক্ষভাবে ৰাকেশ পালৰ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।

আনহাতে, ২০১৪ বৰ্ষত বাছনি লাভ কৰা কেইবাজনো ৰাজপত্রিত বিষয়াৰ নিযুক্তি সন্দৰ্ভতো সকলো দিশ পৰীক্ষা কৰি আছে ন্যায়িক তদন্ত আয়োগে। আয়োগে কেইবাজনো সেই বছৰৰ প্ৰাৰ্থীক তলব কৰাৰ সম্ভাৱনা প্ৰকট হৈছে।

উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন এজনীয়া আয়োগে পূর্বে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰি বিস্তৃত প্রতিবেদন চৰকাৰক দাখিল কৰিছে।

লগতে পঢ়ক – লিডুত অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ বিতৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply