‘অস্ত্ৰৰ দ্বাৰা শান্তি নাহে’- এই কথা কৈ গৈছিল হাতত এডাল লাখুটি লৈ ভাৰতক স্বাধীন কৰা মহাত্মা গান্ধীয়ে। অস্ত্ৰই ধ্বংস আনে, মানুহৰ মৰণ আনে, কিন্তু কেতিয়াও আনিব নোৱাৰে শান্তি। শান্তি প্ৰতিষ্ঠা হোৱা বুলি প্ৰায়ে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত শুনি অহা অসমতেই এতিয়া মাৰণাস্ত্ৰৰ বাবে অনুজ্ঞাপত্ৰ বিচৰাৰ এক ঢৌ উঠিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ দাবী কৰি আহিছে যে অসমত শান্তি প্ৰতিষ্ঠা হৈছে। ৰাজ্যত কূটাঘাত, হত্যাকাণ্ড, হিংসাৰ দৰে ঘটনাৰ লাহে লাহে অৱসান ঘটিবলৈ লৈছে বুলি দাবী কৰে তেওঁ। কিন্তু প্ৰকৃততে এনে হৈছে নে? নে বাস্তৱ ছবিখন এই দাবীবোৰৰ তুলনাত সম্পূৰ্ণ পৃথক?
ৰাজ্যত জীৱনৰ নিৰাপত্তাহীনতাত ভোগা লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱা তথ্য আহিছে পোহৰলৈ। কিয়নো ‘শান্তিৰ অসম’ত হেজাৰ হেজাৰ লোকে মাৰণাস্ত্ৰ লগত ৰখাৰ অনুজ্ঞাপত্ৰ আদায় কৰিছে।
২০১৬চনত অসমত বিজেপি তথা মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়। নতুন চৰকাৰখন গঠন হোৱাৰ পাছৰে পৰা ২০২২চনৰ ৩০ নবেম্বৰলৈ মাৰণাস্ত্ৰৰ অনুজ্ঞা বিচাৰি আৱেদন কৰা ২৫২৫গৰাকী ব্যক্তিলৈ প্ৰদান কৰা হ’ল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।
আৰু ইয়াৰ পাছতে আমাৰ শান্তি প্ৰতিষ্ঠা হোৱা এইখন অসমত সৰ্বমুঠ ২১,৬৭০জনলৈ বৃদ্ধি পালে মাৰণাস্ত্ৰ লগত ৰখা ব্যক্তিৰ সংখ্যা। ৰাজ্যত কেবাটাও উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে , যাৰ ফলত উগ্ৰপন্থীজনিত কুটাঘাত টুটি অহাও পৰিলক্ষিত হৈছে। কিন্তু এনে প্ৰেক্ষাপটতো অসমৰ একাংশ লোকৰ মাৰণাস্ত্ৰ লগত ৰখাৰ যি ঢৌ উঠিছে সি আশ্চৰ্যচকিত কৰিছে ৰাজ্যৰ সচেতন মহলক।
তথ্য অনুসৰি ৰাজ্যখনৰ সৰ্বাধিক হাৰত নগাঁও জিলাৰ লোকৰ হাতত আছে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। কিন্তু প্ৰশ্ন হয় যে- সঁচাকৈ ইমান সংখ্যক লোকৰ জীৱনৰ প্ৰতি আহিছে নেকি ভাবুকি? নে জীৱনৰ নিৰাপত্তাহীনতাত ভূগিছে তেওঁলোকে?
উল্লেখযোগ্য যে, ২০১৬ চনৰ আগলৈকে অসমত মাৰণাস্ত্ৰৰ অনুজ্ঞা প্ৰদান কৰা হৈছিল The Arms Rules, 1962 ৰ আধাৰত। ২০১৬ চনৰ পাছৰে পৰা মাণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় The Arms Rules, 2016 ৰ আধাৰতহে।
আৰু এই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ সম্পূৰ্ণ তত্ত্বাৱধানত প্ৰদান কৰা হয়। আবেদনকাৰীৰ পূৰ্বৱৰ্তী আচৰণ, তেওঁৰ নিৰাপত্তাৰ দিশটোৰ বিষয়ে আৰু জীৱনৰ প্রতি ভাবুকিৰ বিষয়ে আৰক্ষী বিভাগে পর্যালোচনা কৰি প্রতিবেদন দিয়াৰ পাচত অনুজ্ঞাপত্ৰ লাভ কৰিব নে নকৰে সেয়া বিবেচনা কৰা হয়।
জানিব পৰা মতে, হঠাৎ একাংশ শাসকীয় দলৰ নেতাৰ ঘনিষ্ঠৰূপে পৰিচিত নেতা, ঠিকাদাৰ, ব্যৱসায়ীয়ে মাৰণাস্ত্ৰৰ অনুজ্ঞাৰ বাবে আবেদন কৰিছে। ৰাজ্যৰ গৃহ বিভাগৰ তথ্য অনুসৰি ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈকে ৰাজ্যৰ ২১,৬৭০ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।
এতিয়া এই সংখ্যা যদি জিলা হিচাপত চোৱা হয় তেন্তে নগাঁৱৰ সৰ্বাধিক ৬,৪৫৯ গৰাকী লোকে, ডিমা হাচাও জিলাৰ ২,১৭৬ গৰাকী আৰু কামৰূপ মহানগৰৰ ১,৭০৩ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ।
ইফালে, অসমৰ বাকী জিলাসমূহত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰা ব্যক্তিৰ সংখ্যা বা অনুজ্ঞাপত্ৰৰ সংখ্যা এনেধৰণৰ — বাক্মাত ১৫৭ খন, বৰপেটাত ১০৪ খন, বঙাইগাঁৱত ১১৬ খন, বিশ্বনাথত ১৩৭ খন, কাছাৰত ১,০১৮ খন, চৰাইদেউত ৩৬ খন, চিৰাঙত ৫১ খন, দৰঙত ৩৮৩ খন, ধেমাজিত ১৭৪ খন, ধুবুৰীত ১,৫৫১ খন, ডিব্ৰুগড়ত ৮৫৬ খন, গোৱালপাৰাত ৫১৪ খন, গোলাঘাটত ৮২৭ খন, হাইলাকান্দিত ৫৫৪ খন, হোজাইত ৪৬ খন, যোৰহাটত ৪৫১ খন, কামৰূপত ১৯৩ খন, কাৰ্বি আংলঙত ২১২ খন, কৰিমগঞ্জত ৪২২ খন, কোকৰাঝাৰত ১৭২ খন, লখিমপুৰত ২৫৭ খন, মৰিগাঁৱত ৯৪২ খন, নলবাৰীত ১১৫ খন, শিৱসাগৰত ১২৭ খন, শোণিতপুৰত ৭৮৪ খন, দক্ষিণ শালমৰাত ১৯ খন, তিনিচুকীয়াত ৯২১ খন, ওদালগুৰিত ১৭৪ খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১৯ খন অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।
মন কৰিবলগীয়া যে- গৃহ বিভাগৰ তথ্য অনুসৰি, ২০২২চনৰ ১ জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ অসমত ৯৯৪টা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে। ইয়াৰ উপৰিও ২৩৮১টা আত্মহত্যা, ১,৫৫৩ টা POSCOৰ অধীনত গোচৰ, নাৰী নিৰ্যাতনৰ ২,১৭৪ টা, চুৰিৰ ৯,৭৮৪ টা, ডকাইতিৰ ৮১ টা, ধৰ্ষণৰ ১২৪৫ টা, অপহৰণৰ ৩,৪০৭ টা, নাৰী সৰবৰাহৰ ৬৪ টা গোচৰ ৰুজু হৈছে।
তুলনামূলকভাৱে পূৰ্বৰ তুলনতা কূটাঘাত, ধনদাবী, হত্যা আদিৰ ঘটনা হ্ৰাস পাইছে। কিন্তু তাৰপাছতো কিয় ইমান সংখ্য়ক লোকে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আৱেদন জনাইছে সেয়াহে ভাবিবলগীয়া বিষয়।