নিউজ ডেস্কঃ উত্তপ্ত এতিয়া অৰুণাচলপ্ৰদেশ। ৰাজ্যখনৰ লোকসেৱা আয়োগে ২০২২বৰ্ষত ছেপ্টেম্বৰ মাহত আয়োজন কৰা সহকাৰী অভিযন্তা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এতিয়া প্ৰতিবাদীৰ ক্ষোভত জ্বলিছে অৰুণাচলপ্ৰদেশ। ৰাজ্যখনৰ ৰাজধানী ইটানগৰত চাকৰি প্ৰত্যাশী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
এজন প্ৰাৰ্থীয়ে অভিযোগ কৰিছিল যে- খোদ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰাৰ্থীৰ পৰা ধন লৈ প্ৰশ্নকাকত বিক্ৰী কৰিছে। এই অভিযোগৰ পাছতে ৰাজ্যখনৰ চৰকাৰে বিশেষ অনুসন্ধান কোষৰ দ্বাৰা তদন্ত চলোৱাত প্ৰায় ৪০ গৰকাী বিষয়া-কৰ্মচাৰী আৰু অভিভাৱকক গ্ৰেপ্তাৰ কৰা হয়।
ইফালে, চৰকাৰে ১৮ জন আৱেদনকাৰীৰ মাজৰ এগৰাকী ৬১ বছৰীয়া প্ৰাক্তন সেনা বিষয়াক অধ্যক্ষ পদৰ বাবে বাঁচনি কৰিছিল। আৰু লক্ষণীয় কথাটো হ’ল যে- অধ্যক্ষ পদৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা ৬২ বছৰ। অৰ্থাৎ ৬১ বছৰীয়া প্ৰাক্তন সেনা বিষয়া গৰাকী মাত্ৰ এবছৰৰ বাবেহে অধ্যক্ষ পদত দায়িত্ব পালন কৰিব পাৰিব।
আজি ৩ বজাত ইটানগৰৰ ৰাজভৱনত অধ্যক্ষ হিচাপে প্ৰাক্তন সেনা বিষয়া শান্তনু দয়ালে শপতগ্ৰহণ কৰা কথা আছিল যদিও, প্ৰতিবাদকাৰীৰ দাবী পূৰণৰ দাবীত অনিৰ্দিষ্টকাললৈ ইটানগৰ বন্ধ ঘোষণা কৰা হৈছে।
আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলে প্ৰতিবাদকাৰী সকলক আগভেটি ধৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীলৈ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাত নিৰাপত্তাৰক্ষীয়েও ওলোটাই প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰে। এই ঘটনাত কেইবাজনো প্ৰতিবাদকাৰী আহত হয়। আনহাতে সচিবালয়ৰ দিশেও বহু প্ৰতিবাদকাৰী অগ্ৰসৰ হয়।
ইফালে, প্ৰতিবাদ ইমানেই তীব্ৰতৰ কৰি তোলা হৈছে যে, মুখ্যমন্ত্ৰী পেমা খান্দুৱে ততালিকে কেবিনেট বৈঠক অনুষ্ঠিত কৰি আজি অনুষ্ঠিত হ’ব লগা আয়োগৰ অধ্যক্ষৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে অধ্যক্ষৰ নিযুক্তি প্ৰক্ৰিয়াটো বাতিল কৰিবলৈ বাধ্য হয়।
আনহাতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- অৰুণাচলপ্ৰদেশৰ নৱপ্ৰজন্ম আৰু অভিভাৱকসকল যিমানেই চিন্তিত এই ঘটনাক লৈ, আমাৰ চৰকাৰেও এই বিষয়টোক লৈ সিমানেই চিন্তিত। ইয়াৰ ক্ষেত্ৰত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু চিবিআই এই তদন্ত কৰিব দিয়া হৈছে।