নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূণ্য হোৱাৰ বাবে অসমৰ ৩৪খন বিদ্যালয় বন্ধ কৰা সিদ্ধান্ত লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত টুইটাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত বাকযুদ্ধ অব্যাহত আছে।

বুধবাৰে আৰম্ভ হোৱা এই বিষয়টোৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টুইট কৰি কয়- “বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমাৰ সমগ্ৰ দেশত বহুতো নতুন বিদ্যালয় খোলাৰহে প্ৰয়োজন আছে। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়ৰ পাঠদান উন্নত কৰাটোহে প্ৰয়োজন।”

প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কয়- অৰবিন্দ কেজৰিৱালজী, হোমৱৰ্ক অবিহনে মন্তব্য কৰাটো আপোনাৰ অভ্যাস। মই ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী হোৱাৰ পৰা, অসম চৰকাৰে ৮৬১০ খন বিদ্যালয় নিৰ্মাণ কৰিছে। দিল্লী চৰকাৰে কিমানখন বিদ্যালয় নিৰ্মাণ কৰিছে? 

আন এটা টুইটত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম চৰকাৰে ২০১৩ চনৰ পৰা অপ্ৰাদেশিকৰণ বা ব্যক্তিগতখণ্ডৰ বিদ্যালয়ক বিদ্যালয়ক প্ৰাদেশিককৰণ কৰিছে। ইয়াৰে ভিতৰত ৬৮০২ খন প্ৰাথমিক বিদ্যালয়, ১৫৮৯খন মাধ্যমিক, ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৩খন নেতাজী সুভাষ চন্দ্ৰ বসু অ-শৈক্ষিক বিদ্যালয়, ৩৪খন আদৰ্শ বিদ্যালয় আৰু ৯৭ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়। লগতে মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি কয়, “মই দিল্লীৰ পৰিসংখ্যা জানিবলৈ আগ্ৰহী।

ইয়াৰ পিছতে, পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেজৰিৱালে টুইট কৰি কয় যে আপুনি বেয়া পোৱা যেন লাগিছে। আপোনাৰ ত্ৰুটিবোৰ দেখুওৱা মোৰ উদ্দেশ্য নাছিল। আমি সকলো একেখন দেশৰে। আমি ইজনে সিজনৰ পৰা শিকিব লাগিব। তেতিয়াহে ভাৰত এক নম্বৰ দেশ হ’ব। মই অসমলৈ গৈ আছো। কেতিয়া যাম কওঁক? আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল কাম দেখুৱাব। আপুনি দিল্লীলৈ আহক মই আপোনাক দিল্লীৰ কাম দেখুৱাম।

দিল্লী চৰকাৰে দাবী কৰি আহিছে যে এইখন চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলত শিক্ষা ব্যৱস্থাক আৰু উন্নত কৰিছে। শিক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ বাবে ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াক ভাৰত ৰত্নৰ প্ৰস্তাৱ দিছে কেজৰিৱালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply