নিউজ ডেস্কঃ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত সকলো ৰাজনৈতিক দল সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে।
শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত ৰাজ্যিক বিষয়ববীয়াৰ সৈতে এক বৈঠকৰ পাছতে অসমলৈ অহাৰ কথা সদৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ।
মাৰ্চৰ প্ৰথম সপ্তাহত অসমত আহি উপস্থিত হ’ব কেজৰিৱাল। আম আদমি পাৰ্টিৰ নেতা অৰিবন্দ কেজৰিৱালৰ আগমনেৰে অসমত আৰম্ভ হ’ব আপৰ পঞ্চায়ত নিৰ্বাচনী কুচকাৱাজ ৷
আপৰ নেতা গৰাকী আগমনক লৈ স্বাভাৱিকতে এতিয়া উৎকণ্ঠিত হৈ পৰিছে দলীয় নেতা-কৰ্মীসকল ৷ পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যৰে অসমলৈ আগমন ঘটা নেতা গৰাকীয়ে এই জনসমাবেশে কিমান দূৰ সফল হব আৰু আন ৰাজনৈতিক দলক কিমান প্ৰভাৱিত কৰিব সেয়া হ’ব লক্ষণীয় ৷