নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ৰে সন্মানিত কৰা হৈছে বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ড০ শইকীয়াক। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ সন্মানেৰে সন্মানিত বিশিষ্ট ব্যক্তিসকলৰো নাম ঘোষণা কৰে।
‘অসম সৌৰভ’ বঁটা ক্ৰমে কৃষ্ণ ৰয়, গিলবাৰ্ট ছাংমা, নয়নমণি শইকীয়া, ড০ বিনয় কুমাৰ শইকীয়া আৰু ড০ শশীধৰ ফুকনলৈ আগবঢ়োৱা হৈছে।
ইফালে, ‘অসম গৌৰৱ’ বঁটা ক্ৰমে- ধৃতিমালা ডেকা, দেৱজিত বৰ্মন, ৰুস্তম বসুমতাৰী, মাঞ্জে লা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শ্বিলা গোৱালা, যোগেশ দেউৰী, পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড০ ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী আৰু ড০ ছায়েড ইফতিকাৰ আহমেদলৈ আগবঢ়োৱা হৈছে।