পল্লৱ মিলি, লখিমপুৰ: লখিমপুৰ নগৰত অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জন্তু উলিয়াই নিয়াৰ প্ৰতিবাদ কৰি সোমবাৰে পুৱা বন মন্ত্রীগৰাকীৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই। 

অসম ৰাজ্যিক চিৰিয়াখানা ধ্বংস কৰি আম্বানিৰ চিৰিয়াখানা শুৱনি কৰা কাৰ্য্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ দি অনাগত সময়ত আন্দোলন তীব্র কৰি মুখ্যমন্ত্রীৰ বাসভৱন পৰ্যন্ত ঘেৰাও কৰা হ’ব বুলি সকীয়নি দিয়ে সংগঠনটোৱে। 

বনমন্ত্রীৰ পদত্যাগৰ লগতে চিৰিয়াখানাৰ ডি এফ অ’ গৰাকীক নিলম্বিত কৰাৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে। ইফালে, আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ পৰা জ্বলন্ত পুত্তলিকা কাঢ়ি আনিবলৈ যাওঁতে এক টনা আজোৰা পৰিস্থিতিৰ সৃষ্টি হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply