নিউজ ডেস্কঃ ৰাজ্য প্ৰশাসনত ব্যাপক ৰদবদল। কেবাটাও গুৰুত্বপূৰ্ণ পদত কৰা হৈছে সালসলনি। তিনিচুকীয়াৰ উপায়ুক্ত পাৱাৰ নৰছিং সম্ভাজীক বদলি কৰি এই দায়িত্ব প্ৰদান কৰা হৈছে স্বপ্নীল পালক।

ইফালে,  নাৰায়ণ কোঁৱৰক দিয়া হৈচে উচ্চ শিক্ষাৰ সচিবৰ দায়িত্ব, শিলাদিত্য চেতিয়াক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে।

বিত্ত বিভাগৰ সচিব পদত নিযুক্তি নৰছিং, বিত্ত বিভাগৰ উপ সচিবৰ দায়িত্বত গায়ত্ৰী দেৱী দাস, ৰাহুল কুমাৰ গুপ্তাক তিতাবৰ মহকুমাৰ এডিচি হিচাপে নিযুক্তি, জাভিৰ ৰাহুল সুৰেশক সাধাৰণ প্ৰশাসনিক বিভাগৰ উপ সচিবৰ দায়িত্ব প্ৰদান।

লগতে, জয় শিৱানীক বিশ্বনাথ মহকুমাৰ ADCৰ দায়িত্ব, গৌৰৱ উপাধ্যায়ক ASDMAৰ প্রকল্প সঞ্চালকৰ দায়িত্ব, দৰঙৰ উপায়ুক্ত প্রণৱ কুমাৰ শৰ্মাক বদলি কৰি মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব প্ৰদান, ধেমাজিৰ উপায়ুক্ত অসমী কুমাৰ ভট্টাচাৰ্যক বদলি কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিঃ সচিবৰ দায়িত্ব দিয়া হৈছে। 

আনহাতে, ধেমাজিৰ উপায়ুক্ত হিচাপে পল্লৱী ফুকনক নিযুক্তি, কাৱেৰী বৰকাকতি শৰ্মাক মাজুলীৰ উপায়ুক্ত নিযুক্তি, ডিমা হাছাওৰ উপায়ুক্ত হিচাপে সীমান্ত কুমাৰ দাসক নিযুক্তি, দক্ষিণ শালমৰাৰ উপায়ুক্ত হিচাপে বিদ্যুৎ বিকাশ ভাগৱতীক দিয়া হৈছে দায়িত্ব।

বজালী মহকুমাৰ ADC হিচাপে পূৰৱী গগৈক দায়িত্ব, মাজুলীৰ উপায়ুক্ত পুলক মহন্তক বদলি কৰি তেওঁক যোৰহাটৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান, মুনিন্দ্র নাথক দৰঙৰ উপায়ুক্ত নিযুক্তি, হোজাই মহকুমাৰ ADC হিচাপে লাচিত কুমাৰ দাসক দায়িত্ব।

তদুপৰি, I&PRৰ যুটীয়া সচিব হিচাপে মানৱেন্দ্র দেৱ ৰয়ক নিযুক্তি, ভূমি সংৰক্ষণ বিভাগৰ উপ-সচিব হিচাপে ডিপু কুমাৰ ডেকাক নিযুক্তি আৰু ৰঙিয়া মহকুমাৰ ADCৰ দায়িত্ব দ্বীপেন বৰ্মনক দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply