নিউজ ডেস্কঃ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। অসম কৃষি বিশ্ববিদ্যালয়ত ওলাইছে চাকৰি। অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ মুক্ত আৰু দূৰত্ব শিক্ষণ সঞ্চালকালয়ত ছিষ্টেম এডমিনিষ্ট্ৰেটৰ (System Administrator) আৰু ডাটা অপাৰেটৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ আৱেদন বিচাৰিছে।
উল্লেখ্য় যে, এই চাকৰিত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে B.Tech/B.E, M.Sc, MCA পাছ হ’ব লাগিব। জানিব পৰা মতে, অহা ৬ ডিচেম্বৰত খানাপাৰাত ইন্টাৰভিউ হ’ব এই পদৰ বাবে।
এই পদসমূহত ৩০ নবেম্বৰৰ ভিতৰত আৱেদন কৰিব লাগিব। আৰু আৱেদন কৰিবলৈ http://vetbifg.ac.in/odlonline.php. লিংকত কৰিব পাৰিব। আৰু আৱেদন কৰাৰ নিয়মসমূহ ৱেবছাইটটোত উল্লেখ কৰা থাকিব।