নিউজ ডেস্কঃ ঘোষণা কৰা হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন। ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন।
সোমবাৰে এই ঘোষণা কৰে বিধানসভা সচিবালয়ে।ইফালে বিধানসভাৰ কৰ্মচাৰী সকলৰ সাজ-পোছাকক লৈও সোমবাৰে এক নিৰ্দেশনা জাৰি কৰে সচিবালয়ে।
নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা বিধানসভালৈ কোনো কৰ্মচাৰীয়ে পিন্ধি আহিব নোৱাৰিব জিন্স, টি-চাৰ্ট অথবা লেগিংছ। তাৰ বিপৰীতে পুৰুষ কৰ্মচাৰীয়ে ফৰ্মেল সাজ-পোছাক আৰু মহিলা কৰ্মচাৰীয়ে পিন্ধিব লাগিব মেখেলা চাদৰ।
বিধানসভাৰ সাধাৰণ কৰ্ম দিনতো বাধ্যতামূলক কৰা হৈছে এই ড্ৰেছ ক’ড।ইফালে অধিৱেশনৰ সময়ত সংবাদ গ্ৰহণৰ বাবে বিধানসভালৈ অহা সাংবাদিক সকলেও ফৰ্মেল ড্ৰেছ পৰিধান কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে নিৰ্দেশনাত।