জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল। ফটো টুইটাৰৰ পৰা সংগৃহীত

নিউজ ডেস্ক: ৰাজ্যৰ প্ৰতিখন থানাত থকা নাগৰিক সমিতিসমূহ পুনৰ গঠন কৰিব চৰকাৰে। বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয।

বৈঠকৰ পিছতে অনুষ্ঠিত এখন সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা উল্লেখ কৰি জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয়ৰ এক মঞ্চ গঢ়াৰ বাবে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ পুনৰ গঠনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

এই সমিতিৰ অধ্যক্ষক নিযুক্তি দিব চৰকাৰে। সদস্য-সচিব হ’ব সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। প্রদেশ সদস্য হ’ব— চক্র বিষয়া, বি ডি অ’ৰ লগতে আবকাৰী, স্বাস্থ্য, সমাজ কল্যাণ, লোকনির্মাণ আদিৰ জ্যেষ্ঠতম বিষয়া। সদস্য হিচাপে থাকিব পৌৰ নিগম বা পৰিষদৰ অধ্যক্ষ বা ৱাৰ্ড কমিছনাৰ, উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠতম জনপ্রতিনিধি আৰু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা তিনিগৰাকীকৈ মনোনীত সদস্য।

প্রতিমাহে সমিতিৰ বৈঠক বহিব লাগিব। অধ্যক্ষকে ধৰি বেচৰকাৰী সদস্যই লাভ কৰিব পাৰিতোষিক। আজিৰ কেবিনেটে বিভিন্ন বিভাগৰ সাংগঠনিক গাঁথনি শক্তিশালী আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে ৭২ গৰাকী এ চি এছ বিষয়া অন্তৰ্ভুক্তিৰ বাবে অসম অসামৰিক সেৱাৰ ছিনিয়ৰ গ্রেড-১৩ ৭২ টা সাময়িক পদ সৃষ্টিত অনুমোদন জনায়।

প্ৰস্তাৱিত ৭২ টা সাময়িক পদ পদোন্নতিপ্রাপ্ত বিষয়াসকলৰ বাবে ব্যক্তিগত হ’ব। বর্তমানে প্ৰশাসনত থকা ১৭৮ গৰাকী ছিনিয়ৰ গ্রেড-১ এ চি এছ বিষয়াৰ লগত ৭২ গৰাকী সংযোজনেৰে ২৫০ গৰাকী বিষয়া হ’ব আৰু ১৯৯৫, ১৯৯৭, ১৯৯৯, ২০০২ আৰু ২০০৪ বৰ্ষৰ ৭২ গৰাকী যোগ্য ছিনিয়ৰ গ্রেড-২ বিষয়াৰ পদোন্নতিৰে বাকী থকা অংশ পূৰণ কৰা হ’ব।

চাৰিদুৱাৰ ৰাজহ চক্ৰৰ গৰৈমাৰী মৌজাৰ অন্তৰ্গত মদপী চাহ বাগিচাত ১১ বিঘা ১ কঠা ১২ লেচা ভূমি গুৱাহাটীৰ হৰেকৃষ্ণ ম’ভমেণ্টক সামূহিক পাকঘৰ, দুখীয়া শিশুৰ বাবে বিদ্যালয়, সাংস্কৃতিক প্রকল্প স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনায়।

ৰাজ্যৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত সদস্যসকলৰ পাৰিতোষিক প্ৰতিমাহৰ ১০ তাৰিখে প্ৰদানৰ বাবে কেবিনেটে অনুমোদন দিয়ে। কেবিনেটে লগতে ন্যায়িক বিষয়াসকলৰ সংশোধিত দৰমহা গাঁথনি আৰু অসম পৌৰ নিগমৰ নিৰ্বাচিত নীতি-২০২২ত অনুমোদন জনায়।

লগতে পঢ়ক – মহিলাৰ মৃতদেহৰ পৰ চকু উলিয়াই নিয়াৰ অপচেষ্টা! মাৰ্ঘেৰিটাত উত্তেজনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply