গুৱাহাটীঃ ১২ ছেপ্তেম্বৰ ২০২২ৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভা অধিৱেশনত অসম বাতিল বিধেয়ক,২০২২ দাখিলৰ জৰিয়তে বাতিল হ’ব ২৭খন অচল আইন। মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। বাতিল হ’বলগীয়া বিভিন্ন বিভাগৰ আইনসমূহ হ’ল –

কৃষি: Assam Agricultural Pests and Diseases Act 1950, Assam Agriculturist Loans Act 1963, Assam Dadans Act 1944, Assam Debt. Conciliation Act 1036.

পশুপালন আৰু পশু চিকিৎসা: Assam Cattle Diseases Act 1948

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ: Bengle Vaccination Act 1880, Assam Drugs (Control) Act 1950, Assam kala-Azar Treatment Act 1949, Rural Health Regulatory Authority Act 2004

গৃহ আৰু নগৰ পৰিক্ৰমা: Assam Apartments Act 2006,Assam Development authorities Act 1964, Assam municipal Act 1957, Assam Non-Agriculture Urban Areas Tenancy Act 1955, Assam Urban Immovable Property Tax Act 1969,Guwahati Non Bio-Degradable Garbage Act 2006

পৰিবেশ আৰু বন: Assam National Park Act 1968, Assam Rhinoceros Preservation Act 1954

আবকাৰী: Assam Excise (Extension to Mizo) District Act 1961

মীন: Assam Excise (Extension to Mizo) District Act 1961

উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিস্থান: Assam cement control Act 1953, Assam Handicraft Artisan Welfare Fund Act 1998, Assam State Industrial Relief Undertakings (Special Provision) Act 1984

বিত্ত: Assam Industries (Sales Tax Concessions) Act 1986

তথ্য আৰু জনসংযোগ: Assam Press and Registration of books (extension to Lusai Hills) Act 1954

শ্ৰমিক কল্যাণ : Assam Shramik Bahini Act 1959

ভূমি সংৰক্ষণ: Sylhet jhum Regulation 1891

উল্লেখ্য যে, কেবিনেট বৈঠকত ২৮৯খন অচল আইন বাতিলৰ বাবে অসম বিনিয়োজন আইন (বাতিল) বিধেয়ক, ২০২২ত অনুমোদন জনোৱা হয় লগতে বিনিয়োজন আইনসমূহৰ বৈধতাৰ সময়সীমা শেষ হোৱাৰ পাছত পৰিত্যক্ত হিচাপে থকা আইনসমূহৰ হেতু এই পদক্ষেপ।চৰকাৰী কাম-কাজ সুশৃংখলিত কৰিবলৈ ১৯৫৩-২০১৯ চনৰ ভিতৰত প্ৰণয়ন কৰা ১৩খন অচল অসম আকস্মিক পুঁজি (কপাছ বৃদ্ধি) আইন বাতিলৰ বাবে অসম আকস্মিক পুঁজি আইন (বাতিল) বিধেয়ক ২০২২ত অনুমোদন জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply