নিউজ ডেস্কঃ শ্ৰদ্ধা ৱালকৰৰ হত্যাকাণ্ড প্ৰসংগই স্থান লাভ কৰিছে গুজৰাট বিধানসভা নিৰ্বাচন অভিযানতো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ কচ্ছত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি কয় যে- যদি দেশত এগৰাকী শক্তি নেতা নাথাকে তেন্তে আফতাব আমীন পুনাৱালাৰ দৰে ব্যক্তি প্ৰতিখন চহৰতো পোৱা যাব আৰু আমি আমাৰ সমাজক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হম।

লগতে তেওঁ কয় যে-দেশবাসীয়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তৃতীয় কাৰ্যকালৰ বাবেও নিৰ্বাচিত কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা হত্যাকাণ্ডক লাভ জেভাদ বুলি অভিহিত কৰে। 

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে- আফতাবে মুম্বাইৰ পৰা শ্ৰদ্ধাক লৈ আহে আৰু লাভ জেহাদৰ নামত যুৱতীগৰাকীৰ দেহৰ ৩৫ টুকুৰা কৰে। আৰু মৃতদেহটো ফ্ৰীজত ৰাখে। যদি দেশত এগৰাকী শক্তিশালী নেতা নাথাকে তেন্তে এনেধৰণৰ আফতাব প্ৰতিখন চহৰতো ওলাব…।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply