গুৱাহাটীঃ বৰ্তমান অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়।

১৮ অক্টোবৰত ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুসৰি, দেৱজিৎ শইকীয়া বিনা প্ৰতিদ্বন্দিতাৰে এই পদলৈ নিৰ্বাচিত হৈছে।

দেৱজিৎ শইকীয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ খালী হোৱা পদত ত্ৰিদীপ কোঁৱৰ অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, বিচিচিআইৰ সভাপতিৰ পদত নিৰ্বাচিত হৈছে ৰ’জাৰ বিন্নী আৰু জয় শ্বাহ সম্পাদক হিচাপে তেওঁৰ পদত থাকিব। বিজেপি বিধায়ক আশীষ শ্বেলাৰক অৰুণ ধুমলৰ ঠাইত কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে।

বিচিচিআইৰ যুটীয়া সচিব পদৰ বাবে ১১ অক্টোবৰত দেৱজিৎ শইকীয়াই মনোনয়ন দাখিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply