নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ গুৰুতৰ অভিযোগ। গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিৰ তদন্ত কৰাৰ ক্ষেত্ৰত বাধা প্ৰদানৰ অভিযোগ আনিছে প্ৰাক্তন সমন্বয়ক গৰাকীয়ে।
হিতেশ দেৱ শৰ্মাই অভিযোগ কৰা মতে তেওঁক এন আৰ চিৰ সমন্বয়কৰ দায়িত্ব দিয়াৰ সময়তো গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছিল।
অলপতে জ্যেষ্ঠ অধিবক্তা অনিল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীৰ ওপৰত কৰা কেতবোৰ মন্তব্যৰ পৰিপ্ৰেক্ষিতত সোমবাৰে সামাজিক মাধ্যমত দিয়া এটা দীঘলীয়া প’ষ্টত শৰ্মাই ৰঞ্জন গগৈৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ আনে।
তলত হিতেশ দেৱ শৰ্মাৰ ফে’চবুক প’ষ্টটো হুবহু তুলি ধৰা হৈছে –
২০১৯ চনৰ ৯ নবেম্বৰত অসম চৰকাৰে মোক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক হিচাবে নিয়োগৰ আদেশ জাৰি কৰিছিল। তৰ পাছতে তৎপৰ হৈ উঠিছিল তেতিয়াৰ উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। কোনোবাই বিশ্বাস কৰিবনে যে উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ এজনে মোক নাগৰিক পঞ্জীৰ সমন্বয়ক হিচাবে নিয়োগৰ বিৰোধিতা কৰিব? কিন্তু সেয়েই হৈছিল। তেওঁ অসমৰ মাননীয় মূখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু মূখ্য সচিব শ্ৰী আলোক কুমাৰ, দুয়োজনকেই অনুৰোধ কৰিলে মোক নাগৰিক পঞ্জীৰ সমন্বয়ক হিচাবে জাৰি কৰা নিয়োগপত্ৰ বাতিল কৰিবলৈ। কাৰণ তেওঁ আৰু প্ৰতীক হাজেলাই ভয় কৰিছিল যে মই নাগৰিক পঞ্জীৰ সমন্বয়ক হ’লে তেওঁলোকে নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ সময়ত কৰা সকলো কুকাৰ্য্য ফাদিল হ’ব। অসম চৰকাৰে অৱশ্যে তেওঁৰ অনুৰোধলৈ কাণ নিদি মোৰ নিযুক্তি বাহাল ৰাখিলে। যোৱাকালি এজন জ্যেষ্ঠ অধিবক্তাৰ ৰঞ্জন গগৈৰ ওপৰত কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত ৰঞ্জন গগৈয়ে নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ সময়ত কৰা কুকীৰ্ত্তিৰ কথা ৰাইজক জনোৱাৰ প্ৰয়াস কৰিলো।

(১) ২০১৮ চনৰ আগষ্ট মাহত কৰা এটা আদেশত ৰঞ্জন গগৈয়ে স্বীকাৰ কৰিছিল যে নাগৰিক পঞ্জীৰ ১০% পুনৰীক্ষনৰ প্ৰয়োজনীয়তা আছে। সেই মৰ্মে তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাক ১০% পুনৰীক্ষনৰ বাবে ম’ডেলিটি আৰু টাইম লাইন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হ’ল। হাজেলাই কিন্তু তেনে কোনো ম’ডেলিটি আৰু টাইম লাইন দাখিল নকৰিলে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা বাবে কিন্তু হাজেলাক দোষী সাব্যস্ত কৰা নহ’ল। হাজেলাৰ প্ৰতি ৰঞ্জন গগৈৰ এই দৰদৰ মানে কি?
(২) উচ্চতম ন্যায়ালয়ৰ ওপৰোক্ত আদেশৰ ১১ মাহ পাছত প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰেই ওপৰোক্ত ১০% পুনৰীক্ষনৰ বিৰোধিতা কৰি শপতনামা দিলে যে ইতিমধ্যে ২৭% incidental verification হৈ গৈছে, গতিকে ন্যায়ালয়ৰ প্ৰস্তাৱিত ১০% পুনৰীক্ষনৰ আৱশ্যকতা নাই। নিশ্চিত ভাৱেই এনে কোনো incidental verification ৰ উল্লেখ ন্যায়ালয়ৰ আদেশত নাছিল। নাগৰিক পঞ্জীৰ পুনৰীক্ষনৰ বিৰোধ কৰিবলৈয়েই এনে কৰা হৈছিল উদ্দেশ্যপ্ৰনোদিত ভাৱে কিছু পৰিসংখ্যাৰ সৃষ্টি কৰি। আচৰিত ভাবে ৰঞ্জন গগৈয়েও নিজৰ পূৰ্বৱৰ্তী আদেশৰ বিপৰীতে গৈ হাজেলাৰ লগত সহমত প্ৰকাশ কৰিছিল আৰু পুনৰীক্ষনৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এ পি ডব্লিউ এ কৰা পুনৰীক্ষনৰ আবেদন নাকচ কৰিছিল। (আছুৱে পুনৰীক্ষনৰ আবেদন কৰা নাছিল, সেই কাহিনী পাছলৈ) এটা কথা স্পষ্ট যে ৰঞ্জন গগৈ আৰু হাজেলা, দুয়োজনেই পুনৰীক্ষনৰ বিৰোধিতা কৰিছিল, কাৰণ পুনৰীক্ষনৰ কৰিলেই ৰঞ্জন গগৈ আৰু হাজেলাই পঞ্জী উন্নীতকৰণত কৰা সকলো জালিয়তি ফাদিল হ’ল হয়।
(৩) তেতিয়াৰ অসমৰ মূখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ নাগৰিকপঞ্জীৰ খছৰা প্ৰকাশৰ তাৰিখ লৈ কৰা এটা মন্তব্যৰ অচিলা লৈ ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অংশগ্ৰহণ সমূলি বাৰণ কৰে। ফলত নাগৰিক পঞ্জী উন্নীতকৰণ গগৈ এণ্ড হাজেলা প্ৰা: লি: কোম্পানীত পৰিণত হয়। এই ব্যক্তিগতকৰণৰ উদ্দেশ্যে ৰঞ্জন গগৈয়ে নকলেও ৰাইজে নিশ্চয় বুজি পাব। উল্লেখযোগ্য যে নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে ১৬০০ কৌটি টকা আবন্টন হৈছিল।
(৪) ২০১৭ চনৰ আগষ্ট মাহত এ পি ডব্লিউ ৰ সভাপতি অভিজিত শৰ্মাই এখন সংবাদ মেলত প্ৰকাশ কৰিছিল যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিয়োগ কৰা ডাটা এন্ট্ৰি অপাৰেটৰৰ ক্ষেত্ৰত কেইবাশ কৌটি টকাৰ কেলেংকাৰী হৈছিল। ৰঞ্জন গগৈয়ে বিত্তীয় কেলেংকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ কথা বাদেই অভিজিত শৰ্মাৰ ওপৰত আদালত অৱমাননাৰ গোচৰ লোৱাৰ হে ধমকি দিলে। প্ৰশ্ন উঠিবই, বিত্তীয় কেলেংকাৰীৰ ওপৰত কিয় তদন্ত কৰাৰ আদেশ নহ’ল! এনে কেলেংকাৰীৰ কথা ওলালেই দুই ধৰণৰ ব্যৱস্থা হ’ব পাৰে। হয় কেলেংকাৰীৰ ওপৰত তদন্ত, নহয় কেলেংকাৰী উদ্বৃত্ত বিত্তৰ ভাগ বাটোৱাৰা। ৰঞ্জন গগৈয়ে দ্বিতীয় পন্থাটো লোৱাৰ যথেষ্ট অৱকাশ আছে। অভিজিত শৰ্মাৰ অভিযোগ কিন্তু প্ৰমাণ হোৱাৰ পথত। অসমৰ মহাগানণিকৰ প্ৰতিবেদনত ইতিমধ্যে ডাটা এন্ট্ৰি অপাৰেটৰ প্ৰসংগত ১৫৫ কৌটি টকাৰ বিত্তীয় খেলিমেলিৰ কথা প্ৰকাশ পাইছে। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলা নাগৰিক পঞ্জীৰ উন্নীতকৰণত হোৱা বিত্তীয় কেলেংকাৰীৰ দায়িত্ব ৰঞ্জন গগৈৰো সমানে নহয় নে?
(৫)ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ কাম শেষ নহওঁতেই হাজেলাক মধ্যপ্ৰদেশলৈ কিয় আঁতৰাই পঠিওৱা হ’ল? কাৰণটো প্ৰকাশ কৰাত কিয় ৰঞ্জন গগৈ বিৰত থাকিল? ৰঞ্জন গগৈ, হাজেলাৰ মাজত কিহৰ সম্পৰ্ক?
লগতে পঢ়ক – শিলচৰ ক্ষুদ্ৰ সচিবালয় স্থাপনত অনুমোদন অসম কেবিনেটৰ