নিউজ ডেস্কঃ ভিক্টৰ দাসক পূৰ্ণাংগ জামিন প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ ছেপ্টেম্বৰলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল দাসক।
উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠে ভিক্টৰ দাসৰ গোচৰৰ শুনানিৰ সময়চোৱাত স্বাধীনতাৰ অপব্যৱহাৰ কৰাৰ কোনো প্ৰমাণ লাভ কৰা নাছিল। আৰু গোচৰৰ শুনানিত ন্যায়ালয়ৰ বিচাৰপীঠে গোচৰটোৰ সন্দৰ্ভত দাখিল কৰা কেচ ডায়েৰী চাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰে।
গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে- তদন্তৰ স্বাৰ্থত অভিযুক্ত ভিক্টৰ দাসক জিম্মাত ৰখাটো অবাঞ্চিত বুলি ন্যায়ালয়ৰ অভিমত। সেয়েহে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, ৯ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক। অসমৰ বিভিন্ন বিভাগত ২৬,০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদ পূৰণৰ বাবে প্ৰত্যক্ষ ৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সম্পৰ্কে উৰা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল।
ভিক্টৰ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১৫৩, ১৫৩ এ, ৩৮৪ আৰু ৫০৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে উৰা বাতৰি বিয়পোৱা আৰু চৰকাৰী পদৰ বাচনি প্ৰক্ৰিয়াক লৈ সমাজৰ বিভিন্ন লোকৰ মাজত বিভেদ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।