গুৱাহাটীঃ অসমৰ স্বাস্থ্য খণ্ডত আজি নতুনকৈ সংযোজিত হ’ল ৮৩খন এম্বুলেঞ্চ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০৮ মৃতুঞ্জয় আঁচনিৰ বাবে ৮৩ খন নতুন এম্বুলেন্সৰ ফ্লেগ অফ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে ৰাজ্যবাসীৰ বাবে তেওঁ এক সাৰ্বজনীন স্বাস্থ্য বীমা আঁচনি প্ৰস্তুত কৰিছে।

তেওঁ সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱা, বিশেষকৈ জৰুৰীকালীন সেৱাৰ প্ৰয়োজনীয়তা অসমৰ প্ৰতিটো কোণত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আয়ুষ্মান ভাৰত’ৰ আওতাৰ বাহিৰত ৰৈ যোৱাসকলৰ বাবে আমি ‘ আয়ুষ্মান অসম’ৰ জৰিয়তে ‘সাৰ্বজনীন স্বাস্থ্য বীমা’ৰ কথা চিন্তা-চৰ্চা কৰিছোঁ। যাৰ দ্বাৰা জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন-কাৰ্ড নথকা লোক আদিক সামৰি ল’ব পৰা যাব।”

অসমৰ গ্ৰাম্য এলেকা আৰু চহৰাঞ্চলত বাস কৰা ৰোগীসকলক বিনামূলীয়া জৰুৰীকালীন পৰিবহণ সেৱা প্ৰদান কৰাৰ লগতে ৰাজ্যত প্ৰসূতি আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

ৰাজ্যত ২০০৮ চনৰ ৬ নৱেম্বৰৰ পৰা প্ৰৱৰ্তন হোৱা ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ জৰিয়তে  বৰ্তমানলৈকে ১ লাখ ৮৬ হাজাৰ লোকৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হৈছে। ‌তদুপৰি, অপাৰেটিং এজেঞ্চী জি বি কেৰ জৰিয়তে কাৰ্যক্ষম হৈ থকা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ দ্বাৰা এতিয়ালৈকে প্ৰায় ৪ কোটি ফোন ক’ল গ্ৰহণ কৰাৰ লগতে প্ৰায় ১৯ লাখ গৰ্ভৱতী মহিলাই জৰুৰীকালীন সেৱা লাভ কৰিছে।

বৰ্তমান বেছিক লাইফ ছাপ’ৰ্ট ছাৰ্ফেচ এম্বুলেঞ্চ ৭৭৯খন, এডভাঞ্চ  লাইফ ছাপ’ৰ্ট ছাৰ্ফেচ এম্বুলেঞ্চ ১৪খন আৰু নৌকা এম্বুলেঞ্চ ৭খনকে ধৰি ৮০০খন এম্বুলেঞ্চৰ জৰিয়তে অসমৰ জনসাধাৰণক স্বাস্থ্য পৰিবহণ সেৱা প্ৰদান কৰি অহা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply