গুৱাহাটীঃ অসম চৰকাৰে এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ৩৫,৮০০ মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ স্কুটী প্ৰদান কৰিব।

এই স্কুটী প্ৰদান কৰা হ’ব ৬০% তকৈ অধিক নম্বৰ লাভ কৰা ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫% তকৈ অধিক নম্বৰ লাভ কৰা ৬,০৫২ জন ছাত্ৰক।

বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, “স্কুটাৰ বিতৰণ আনুষ্ঠানিক কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আৰু উদ্বোধনী কাৰ্যসূচী কামৰূপ (মেট্ৰ’ ) আৰু কামৰূপ জিলাত অনুষ্ঠিত হ’ব।”

উচ্চ শিক্ষা বিভাগে ন’ডেল প্ৰিন্সিপালৰ জৰিয়তে হিতাধিকাৰীসকলক পঞ্জীয়ন আৰু বীমাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সহকাৰী অধ্যাপকসকলৰ দৰমহা বৃদ্ধিকৰাৰ সিদ্ধান্ত ও লোৱা হয়। প্ৰাদেশীক মহাবিদ্যালয়ৰ ফিক্সড পে’ত কৰ্মৰত সহকাৰী অধ্যাপকৰ মাহিলী পাৰিশ্ৰমিক ৫৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply