নিউজ ডেস্কঃ অসম চৰকাৰে ৰাজ্যৰ ৩৪খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে অলপতে এই সন্দৰ্ভত ঘোষণা কৰিছে।
শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে এই সন্দৰ্ভত কয়, ‘উত্তীৰ্ণৰ হাৰ শূণ্য হোৱা এই বিদ্যালয় সমূহৰ নামত ধন ব্যয় কৰি থকাৰ কোনো অৰ্থ নাই। ‘
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূণ্য হোৱাৰ বাবে ৰাজ্য চৰকাৰে ৩৪ খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে, এই বছৰ এইকেইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫০০ৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
৩৪ খন বিদ্যালয়ৰ ভিতৰত ৭খন কাৰ্বি আংলং জিলাৰ, পাঁচখন যোৰহাটৰ, পাঁচখন কাছাৰৰ, দুখন ধুবুৰী, গোৱালপাৰা, লখিমপুৰ আৰু নগাঁৱৰ দুখন, গোলাঘাট, কামৰূপ, কোকৰাঝাৰ, নলবাৰী, হাইলাকান্দি, পশ্চিম কাৰ্বি আলং, চিৰাং, দৰং আৰু ডিব্ৰুগড় জিলাৰ এখন বিদ্যালয়। ৰাজ্য চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰিছে।
ৰাজ্যিক শিক্ষা বিভাগৰ এজন উচ্চ পদস্থ বিষয়াই কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূণ্য হোৱাৰ বাবে শিক্ষা বিভাগে ৰাজ্যখনৰ ১০২ খন বিদ্যালয়লৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। এই বছৰ, ৰাজ্যখনত উত্তীৰ্ণৰ হাৰ যথেষ্ট হ্ৰাস হৈ ৫৬.৪৯ শতাংশলৈ হ্ৰাস পাইছে। ২০২১ চনত, উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শতাংশ। ৰাজ্যখনৰ ২৫ জিলাৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূণ্য, ইয়াৰে ৭০ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হৈছে ১০ শতাংশ।