গুৱাহাটীঃ সমগ্ৰ অসমত অধীনস্থ আদালতত সৰু অপৰাধমূলক গোচৰবোৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধি,১৯৭৩ৰ ধাৰা ৩২১ প্ৰয়োগ কৰি ৬মাহৰ ভিতৰতে নিষ্পত্তি কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

দেওবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সামৰণিৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেখেতে কয়, “আমি চিআৰপিচিৰ ধাৰা ৩২১ প্ৰয়োগ কৰি ৪.১৯ লাখ ক্ষুদ্ৰ অপৰাধৰ গোচৰৰ প্ৰায় তিনি লাখ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত অসম্পূৰ্ণ গোচৰ হ্ৰাস হ’ব, যাৰ ফলত আদালতে গুৰুতৰ অপৰাধ আৰু অন্যান্য গোচৰত অধিক সময় দিব পাৰিব।”

চৰকাৰে শীঘ্ৰেই সংশ্লিষ্ট গোচৰৰ পৰৱৰ্তী তাৰিখত উপযুক্ত আৱেদন দাখিল কৰাৰ বাবে ৰাজহুৱা অধিবক্তা আৰু অতিৰিক্ত/সহকাৰী ৰাজহুৱা অধিবক্তাক কৰ্তৃত্ব প্ৰদান আৰু বিতং এছ অ’ পি তৎক্ষণাত জাৰি কৰিব।

কেবিনেট বৈঠকত পলিটেকনিক আৰু আই আই টিৰ উন্নীতকৰণৰ সিদ্ধান্তও লোৱা হয়। টাটা টেকন’লজিছ লিমিটেডৰ সৈতে ৮৭ঃ১৩ শ্বেয়াৰত ৩৪টা পলিটেকনিক আৰু ৪৩খন চৰকাৰী আই আই টিক উৎকর্ষ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে প্ৰায় ৩৬৬কোটি টকাৰ প্ৰশাসনিক অনুমোদন। এই প্ৰকল্পৰ সামগ্ৰিক ব্যয় ২,৩৯০ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই প্ৰকল্পই প্ৰতি বছৰে ১৫-২০হাজাৰ শিক্ষাৰ্থীক উদ্যোগ৪.০ৰ সৈতে জড়িত নতুন প্ৰযুক্তি শিকাৰ সুযোগ প্ৰদান কৰিব।

ইফালে প্ৰাদেশিকীকৃত মহাবিদ্যাবিদ্যালয়সমূহত বড়ো বিভাগৰ শিক্ষকৰ খালী পদ পূৰণৰ হেতু পদসমূহ সংশোধিত অসম অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইন, ১৯৭৮ৰ অধীনস্থ ‘ৰোষ্টাৰ’ আওতাৰ পৰা ৰেহাই আৰু লগতে অ’বিচি/এম অ’ বি চি সংৰক্ষণৰ আওতাৰ পৰা ৰেহাই দিয়া হ’ব বুলি অসম চৰকাৰে সিদ্ধান্ত লয়।

অভ্যন্তৰীণ নগৰীয়া অঞ্চলৰ পুনৰ্বিকাশৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে উন্নয়ন অধিকাৰ হস্তান্তৰৰ অসম ৰাজ্যিক নীতিত অনুমোদন জনোৱা হয়।

দুখন বিশ্ববিদ্যালয় স্থাপনতো অনুমোদন জনাইছে অসম কেবিনেট বৈঠকে। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়,অসম (মূল চৌহদ আজাৰা,গুৱাহাটী আৰু অতিৰিক্ত চৌহদ দেকাৰগাঁও, তেজপুৰ) আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (হাজংবাৰী,চন্দ্ৰপুৰ চৌহদ)।

অসম দুগ্ধ উন্নয়ন পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে গঠন কৰা যৌথ উদ্যোগ কোম্পানীলৈ ভূমি লীজ। চৰকাৰৰ দ্ধাৰা গাখীৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্প স্থাপনৰ বাবে যোৰহাট আৰু ডিব্ৰুগড়ত ভূমি পট্টা চুক্তি কাৰ্যকৰীকৰণৰ সিদ্ধান্ত লয় কেবিনেট বৈঠকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply