গুৱাহাটী: অহা ৬ নৱেম্বৰত ঘোষণা কৰা হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল। আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে।

আজি দিয়া এটা টুইটত মুখ্য মন্ত্ৰীয়ে কয়, ‘’মই জনাবলৈ পাই সুখী হৈছো যে অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ৬ নৱেম্বৰত ঘোষণা কৰা হ’ব।‘’

উল্লেখযোগ্য যে যোৱা ২১ আৰু ২৮ আগষ্টত ৰাজ্যত বিভিন্ন বিভাগৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,০০০ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে।

লগতে পঢ়ক – শাৰিৰীক অক্ষমতাত অতিক্ৰম কৰি JNU-ত নামভৰ্তি মঙলদৈৰ ৰূপশিখাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply