নিউজ ডেস্কঃ শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে বুধবাৰে এখন সংবাদ মেল সম্বোধন কৰি ২০২৩ বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’ব লগীয়া চতুৰ্থ সংখ্যক গুণোৎসৱৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে। 

এইবাৰৰ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰী লৈকে বৰপেটা, কৰিমগঞ্জ, কামৰূপ (গ্ৰাম্য), কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাওঁ, শিৱসাগৰ, দক্ষিণ শালমৰা, মানকাছাৰ আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব। 

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী লৈকে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজী, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্ৰো), শোণিতপুৰ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব। 

আনহাতে, তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ১৫ ফেব্ৰুৱাৰী পৰা ১৮ ফেব্ৰুৱাৰী পৰা শোণিতপুৰ জিলাৰ বিশ্বনাথ অংশ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাওঁ আৰু ডিমাহাছাও জিলাত অনুষ্ঠিত হ’ব পেগুয়ে জানিবলৈ দিয়ে।

এইবাৰ গুণোৎসৱ মুঠ ৩১ খন জিলাত অনুষ্ঠিত হ’ব কাৰণ ৰাজ্যখনত ইতিমধ্যে জিলা পুনৰ নিৰ্মাণ হৈ গৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়। গুণোৎসৱত এইবাৰ সকলো চৰকাৰী বিদ্যালয়, কস্তুৰবা বালিকা বিদ্যালয়, চাহ অঞ্চলৰ বিদ্যালয়, আদৰ্শ বিদ্যালয় আৰু নতুনকৈ চৰকাৰে তৈয়াৰ কৰা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হ’ব বুলি অৱগত কৰে। 

উল্লেখ্য যে, এইবাৰ গুণোৎসৱৰ বাবে ৪৪,৫২৫ খন বিদ্যালয়ৰ মুঠ ৪২,৭৬,৮৮১ জন শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিব আৰু ১৮,০৯৭ জন বিষয়া, শিক্ষকক নিৰীক্ষক হিচাপে অৰ্ন্তভুক্তি কৰা হৈছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা গুণোৎসৱত প্ৰথম দিনা স্ব-মূল্যায়ন আৰু বাকী তিনিটা দিনত বৰ্হি মূল্যালয়ন কৰা হ’ব। 

এইবাৰ নতুন কিছুমান নিয়ম সংযোজন কৰা হৈছে তাৰে ভিতৰত এতিয়াৰ পৰা শিক্ষাৰ্থীয়ে গুণোৎসৱত লাভ কৰা নম্বৰৰ ১০% বছৰেকীয়া পৰীক্ষাত অন্তৰ্ভুক্ত কৰাৰ লগতে এতিয়াৰ পৰা বিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিত্তিত হে শিক্ষা অনুষ্ঠানখনক মূল্যায়ন কৰা হ’ব। 

লগতে এতিয়াৰ পৰা নিজৰ বিদ্যালয়ৰ শিক্ষকে কৰিব নোৱাৰিব নিজ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন, সেইবাবে বিদ্যালয়ৰ শিক্ষকসকল ওচৰৰ এখন স্কুলৰ লৈ সালসলনি হ’ব লাগিব  আৰু তাৰ বাবে নিৰ্দিষ্ট এপৰ নিৰ্মাণ কৰা কথাও  জনাই ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে। 

প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, মুখ্য সচিবকে ধৰি আই এ এছ, এ চি এছ উচ্চ পদৰ বিষয়া সকলে নিৰীক্ষক হিচাপে গুণোৎসৱত অংশগ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply