গুৱাহাটী: গুৱাহাটী মহানগৰীত আজি দিন দুপৰতে সংঘটিত এক গুলী চালনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অচিনাক্ত দুৰ্বৃত্তই শংকৰদেৱ কলাক্ষেত্ৰত সমীপত থকা ICICI বেংকৰ সন্মুখত AS 01 BH 5022 নম্বৰৰ ৱেগেনৰ গাড়ীৰ ভিতৰত থকা এজন লোকক গুলীয়াই হত্যা কৰে।
নিহত লোকজনক কাহিলিপাৰাৰ ৰঞ্জিত বৰা বুলি চিনাক্ত কৰা হৈছে, বৰা পূৰবী ডেইৰীৰ এজন ডিষ্ট্ৰিবিউটৰ আছিল বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত স্থানীয় লোকে জনোৱা মতে বৰাই গাড়ীখন পাৰ্ক কৰি ICICI বেংকত ধন জমা দিবলৈ যাওঁতেই এই ঘটনা সংঘটিত কৰি দুৰ্বৃত্তই ধন লৈ তাৰ পৰা পলায়ন কৰে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেঞ্চৰ সহায়ত মুৰত গুলী লগা বৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনা সম্পৰ্কত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক – ৰাকেশ পালক সহযোগ কৰা প্রাক্তন বিষয়া-কৰ্মচাৰীক তলব কৰিব তদন্ত আয়োগে