ৰাজৰ্ষি চহৰীয়া
৫ সহস্ৰাধিক মেধাসম্পন্ন ল’ৰা-ছোৱালীয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক, কমাণ্ডো, কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে। নিশ্চিতভাৱে অতি নিকাকৈ এই পদসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত।
চাকৰি পোৱাসকলৰ মুখত এতিয়া হাঁহি বিৰিঙিছে। বহু যোগ্য প্ৰাৰ্থীয়ে পিছদুৱাৰৰ সহায় নোলোৱাকৈ চৰকাৰী নিযুক্তি লাভ কৰাৰ বাবে আমিও সুখী। ২২ ছেপ্তেম্বৰত সমূহীয়াকৈ প্ৰায় ২২ হাজাল ল’ৰা-ছোৱালীয়ে নিযুক্তিপত্ৰ গ্ৰহণ কৰিব আৰু দুই-এদিনতে চাকৰিত যো়গদান কৰিব। এই ডেকা চামৰ কান্ধত আছে অসম আৰক্ষীৰ লগতে আন ২১ টা বিভাগৰ কাম-কাজবোৰ আৰু অধিক টনকিয়াল কৰাৰ, সমাজৰ পৰা অপৰাধ দূৰ কৰা, সাধাৰণ জনতাই কোনো অসুবিধা নোপোৱাকৈ যাতে চলিব পাৰে সেইবোৰ সুনিশ্চিত কৰাৰ দায়িত্বও আছে তেওঁলোকৰ কান্ধত।
অসম আৰক্ষীৰ কনিষ্টবল, কমাণ্ডো আৰু উপ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰা বহু প্ৰাৰ্থী, বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীসকলৰ ওচৰত কালি থিয় দিলে সংবাদ মাধ্যমো। যোৱা কিছুদিনৰ পৰা ভিক্টৰ দাস বিষয়টোৱে বাতৰি শিৰোনাম দখল কৰি অহাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমে যে এই প্ৰাৰ্থীসকলৰ ওচৰত থিয় হৈ – এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিলো বুলি কোৱা এটা বাইট সংগ্ৰহ নকৰিব তাৰ কোনো মানেই নাই।
একাংশ সংবাদ মাধ্যমৰ কেমেৰাটোৰ কাষতে কোনোবা এজনে শিকাই দিয়াও শুনা গৈছে যে- এটকাও নিদিয়াকৈ চাকৰি পোৱা কথাটো ক’ব লাগে। এই কথা শুদ্ধ নে ভুল সেইবোৰ সমালোচনা কৰিবলৈ ওলোৱা নাই আমি বা এই সময়ছোৱাত এয়া গুৰুত্বপূৰ্ণও নহয়। কেৱল যি শুনিছো, কৈছো।
এটকাও নিদিয়াকৈ চাকৰি লাভ কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সাধাৰণ ৰাইজে প্ৰায়ে অভিযোগ কৰি অহা উৎকোচ লৈ কাম কৰা বিষয়টো। কোনোবা ৰিক্সা চালকৰ পুত্ৰ, কোনোবা শাক-পাচলি বেপাৰীৰ কন্যাই চাকৰি লাভ কৰিছে। সঁচাকৈ তেওঁলোকৰ কথা জানিবলৈ পাই ভাল লাগিছে। আৰু তাতকৈও বেছি ভাল লাগিব যেতিয়া এই প্ৰাৰ্থীসকলে উৎকোচ নোলোৱাকৈ জনসাধাৰণৰ সেৱা কৰি যাব আৰু উৎকোচৰ এই বেয়া কালছাৰটো যেতিয়া নাইকিয়া হৈ পৰিব।
অসম আৰক্ষী তথা আন আন বিভাগত ২২ তাৰিখে নিযুক্তি লাভ কৰিবলগীয়া প্ৰতিগৰাকী প্ৰাৰ্থীক ইষ্টমজ অসমৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো।
কিন্তু এটা কথা ফলাফল ঘোষণাৰ পাছৰে পৰা প্ৰায়ে ছচিয়েল মিডিয়াত দেখিবলৈ পাইছো – সেইটো হৈছে, দৰিদ্ৰ শ্ৰেণীৰ হোৱাৰ বাবে এই প্ৰাৰ্থীসকলে চাকৰি পালে? নে মেধাসম্পন্ন আৰু যোগ্য হোৱাৰ বাবে এই সকল প্ৰাৰ্থীয়ে চাকৰি পালে?
চৰকাৰে এই পদসমূহত মেধাসম্পন্নতাৰ ওপৰত ভিত্তি কৰিহে চাকৰি দিছিল। দৰিদ্ৰ হয় নে নহয় তাৰ আধাৰতটো এই নিযুক্তি দিয়া হোৱা নাই। তেন্তে এই প্ৰাৰ্থীসকলক এনেধৰণে কিয় প্ৰশ্ন কৰা হ’ল যে তেওঁলোকে সেই বাক্যশাৰী ক’বলগীয়া হ’ল?
যেতিয়া ধনৰ বিনিময়ত চাকৰিৰ বজাৰ মেলা বুলি বাতৰি হৈছিল, তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে- আপোনালোকে চাকৰিৰ ফলাফল দিয়াৰ দিনা নিজেই জানিব যে চাকৰি ধনীৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে পাইছে নে দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে পাইছে। এই কথা সৌসিদিনা মন্ত্ৰী পীয়ুষ হাজৰিকাইও কোৱা সকলোৱেই শুনিছে-দেখিছে। এই মন্তব্যৰ দ্বাৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে এই কথা বুজাবলৈ চেষ্টা কৰিছিল যে নিযুক্তি পৰীক্ষা সম্পূৰ্ণ নিকা হৈছে আৰু ধনৰ লেনদেন হোৱা নাই।
কিন্তু একাংশ সংবাদ মাধ্যমে এনেদৰে বাতৰি পৰিৱেশন কৰিলে যেন তেওঁলোকে একমাত্ৰ দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবেহে চাকৰি লাভ কৰিছে। দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালী মেধাসম্পন্ন নহয় নেকি? নিযুক্তিৰ ক্ষেত্ৰত দৰিদ্ৰ বা অৱস্থা সম্পন্ন পৰিয়ালৰ কথা নাথাকে, থাকে মেধাৰ কথাহে।
এতিয়া প্ৰশ্ন হয়- ধন নিদিয়াকৈ লাভ কৰিলে চাকৰি, এটকাও দিব লগীয়া হোৱা নাই চৰকাৰী চাকৰিৰ বাবে, এই বাক্য কেইশাৰীৰ ব্যৱহাৰ কিয় কৰিবলগীয়া হৈছে? আমি ক’ৰবাত এনে এটা মানসিকতা স্থিৰ কৰিয়েই পেলাইছো নেকি যে ধন অবিহনে চৰকাৰী চাকৰি অসম্ভৱ। যদি তেনে মানসিকতাৰ সৃষ্টি কৰিছোৱেই, তাৰ বাবে দায়ী কোন?
৭ লক্ষাধিক নিবনুৱা ল’ৰা-ছোৱালীয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু কনিষ্টবল পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু ৫২৬২ গৰাকী যোগ্য প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিলে। যদি কোনোবাই ধন দি চাকৰি লোৱাৰ বক্ৰপথ বিচাৰিছে বা পাইছে তেন্তে তাক লৈহে বাতৰি হোৱাৰ প্ৰয়োজন। কিন্তু এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিলে বুলি কৈ জানো বাতৰি হ’ব লাগে? বাইট লোৱাৰ সময়ত এটকাও নোপোৱাকৈ চাকৰি লাভ কৰিছো বুলি ক’বলৈ জানো শিকাই দিয়াটো উচিত?
চাকৰি ধন নিদিয়াকৈয়েই হয়, এয়াই হৈছে নিয়ম। দুৰ্নীতি কৰিব বিচৰা সকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰে।
‘ধন দি চাকৰি লোৱা’ বাক্যটিৰ লগতে এই বক্ৰপথটো সমাজৰ মাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিব বুলি আমি আশাবাদী।