গুৱাহাটী: যোৱা ২১ নৱেম্বৰত সংঘটিত ৰঞ্জিত বৰাৰ নৃশংস হত্যাকাণ্ডৰ আজি পৰ্যন্ত কোনো শুং সূত্ৰ পোৱা নাই মহানগৰ আৰক্ষীয়ে। আৰক্ষীয়ে অৱশেষত অপৰাধীৰ সন্ধান দিওঁতালৈ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।

বুধবাৰে গুৱাহাটী আৰক্ষীয়ে টুইটাৰত অপৰাধীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ লগতে বৰাৰ হত্যাকাৰীৰ খবৰ দিবলৈ এটা হোৱাটচএপ নম্বৰ শ্বেয়াৰ কৰে। এই নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।

খবৰ দিওঁতাৰ পৰিচয় সম্পূৰ্ণ গোপন ৰখা হ’ব বুলিও আৰক্ষীয়ে লগতে সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা ২১ নৱেম্বৰত মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই বৰাক শূন্য দূৰত্বৰ পৰা গুলীয়াই তেওঁ বেংকত জমা কৰিবলৈ অনা প্ৰায় ২.৫ লাখ নগদ টকা লৈ পলায়ন কৰিছিল।

পূৰবী ডেইৰীৰ ডিষ্ট্ৰিবিউটৰ বৰাক পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত গুলীয়াই হত্যা কৰা হৈছিল।

লগতে পঢ়ক – ৰাজ্যত নিৰ্মাণৰ কৰা হ’ব ২০০০ নতুন অংগনৱাড়ী কেন্দ্ৰ; ৫০০ কোটি টকা অনুমোদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply