গুৱাহাটী – ৰাজ্যৰ জ্যেষ্ঠ IAS বিষয়া তথা বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক অসমৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে৷ উল্লেখ্য যে বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অহা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব ৷ ইয়াৰ পিছতে অহা ১ ছেপ্তেম্বৰ তাৰিখে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে৷ আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা জাননী যোগে জিষ্ণু বৰুৱাৰ স্থলাভিষিক্ত হিচাপে পৱন কুমাৰ বৰঠাকুৰক বাচনি কৰিছে ৷

১৯৮৯ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া পৱন কুমাৰ বৰঠাকুৰে ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। ইফালে ৩১ আগষ্টত জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰিব যদিও ৰাজ্য চৰকাৰে আন এক নিৰ্দেশ যোগে বৰুৱাক অনাগত দুটা বছৰৰ বাবে APDCL ৰ অধ্যক্ষ পদত নিযুক্তি দিছে।

স্মৰ্তব্য যে নগাঁৱৰ প্ৰাক্তন আছু নেতা কীৰ্তিকমল বৰাক জিলাখনৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহত গুলীয়াই আহত কৰা ঘটনাৰ তদন্তকাৰী আয়োগৰ নেতৃত্ব বহন কৰি অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সেই গুলীচালনা আৰক্ষীৰ ভুল আছিল বুলি প্ৰতিবেদন দাখিল কৰিছিল৷ আৰু এই প্ৰতিবেদনৰ ভিত্তিতেই চৰকাৰে নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক জিলাখনৰ পৰা বদলি কৰিছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply