নিউজ ডেস্কঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আজি জন্মদিন। পুৱাই তেওঁক প্ৰধানমন্ত্ৰী মোডী তথা আনসকল শীৰ্ষ নেতৃবৃন্দই শ্ৰদ্ধা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি লিখিছে- ‘Tributes to Atal Ji on his Jayanti. His contribution to India is indelible. His leadership and vision motivate millions of people.’
উল্লেখ্য যে, ২৫ ডিচেম্বৰ, ১৯২৪জনত গ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী। তেওঁ মুঠ তিনিবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।
পোন প্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে’ ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে’ ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীয়ে কাৰ্যনিৰ্বাহ কৰিছিল।