নিউজ ডেস্কঃ পাকিস্তানৰ তহৰীফ-এ-ইনছাফ চমুকৈ পিটিআইৰ নেতা ফৱাদ চৌধুৰীয়ে দাবী কৰিছে যে- ডাৰ্ক ৱেবত লিক হৈছে পাক প্ৰধানমন্ত্ৰী দপ্তৰৰ ১১৫ ঘন্টাৰ এটা অডিঅ ক্লীপ। আৰু এই ক্লীপটো বিক্ৰী কৰা হৈছে ৩৫০০০০ ডলাৰত। 

ফৱাদ চৌধুৰীয়ে সাংবাদিকৰ আগত কয় যে- প্ৰধানমন্ত্ৰী কাৰ্যালয় পূৰ্বৰে পৰা সুৰক্ষিত নহয়, আৰু এতিয়া ডাৰ্ক ৱেবত অডিঅ’ ক্লীপো বিক্ৰী কৰা হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডি টিভিৰ খবৰ অনুসৰি, এই অডিঅ’ ক্লীপটোত আছে পাকিস্তান মুছলিম লীগ-এনৰ উপ সভাপতি মৰিয়ম, প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ, আইন মন্ত্ৰী আজম তৰাৰ, গৃহমন্ত্ৰী ৰাণা ছনাউল্লাহ আৰু প্ৰাক্তন এছেম্বলী স্পিকাৰ আয়াজ সাদিক সহ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মাজত হোৱা কথোপকথন। 

ইফালে, পাকিস্তানৰ গৃহমন্ত্ৰী গৰাকীয়ে কয় যে- প্ৰধানমন্ত্ৰী শ্বৰীফৰ অডিঅ’ লিক হোৱাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ছনাউল্লাহে লগতে কয়- অডিঅ’ ক্লীপটো লিক ডাৰ্ক ৱেবত বিক্ৰী কৰা ঘটনাৰ তদন্তত সকলো উচ্চ পদপীধাৰী বিষয়াকে অন্তৰ্ভুক্ত কৰা হ’ব। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply