গুৱাহাটীঃ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান। শনিবাৰে আবেলি ৪বাজি ৫৬ মিনিটত জিএমচিএইচত শেষনিশ্বাস ত্যাগ বুঢ়াসত্ৰীয়াগৰাকীৰ।

বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি কয়, ‘মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱশৰ্মাদেৱ আছিল এক অনুষ্ঠান সদৃশ৷ তেখেতৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব ৷শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়াদেৱৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়াদেৱৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ৷’

উল্লেখ্য যে, যোৱা ১১ অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰীয়াগৰাকী৷ বিগত দুদিন ধৰি ভেণ্টিলেটৰত আছিল বশিষ্ঠ দেৱশৰ্মা ৷ মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স আছিল ৮৪ বছৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply