নিউজ ডেস্কঃ মানুহে প্ৰায়ে দূৰ ঠাইত যাবলৈ ৰে’ল অথবা বিমানত যাত্ৰা কৰে। ৰে’ল সেৱাৰ তুলনাত বিমানত কম সময়ত অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰি হয়তো বিদেশ ভ্ৰমণ সচৰাচৰ বিমান যোগেই কৰা যায়। উল্লেখ্য় যে, প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম ১০ স্থানত থকা যাত্ৰীবাহী বিমান কোম্পানীসমূহৰ তালিকা প্ৰস্তুত কৰা হয়।

Skytrax World Airline Awards 2022ত এই তালিকাৰ প্ৰথম স্থানত আছে Qatar Airways। ইয়াৰ পাছতে এই তালিকাৰ দ্বিতীয় স্থানত আছে ছিংগাপুৰ এয়াৰলাইনছ (Singapore Airlines) আৰু তৃতীয় স্থানত আচে এমিৰেটছ (Emirates)।

মন কৰিবলগীয়া যে, ২০২১ৰ তালিকাত ষষ্ঠ স্থান লাভ কৰা হংকঙৰ কেঠী পেচিফিক এইবাৰৰ তালিকাত ১৬ স্থানতহে আছে। 

ইফালে, কেবিন ক্লাছৰ বাবে প্ৰথম স্থান লাভ কৰিছে ছিংগাপুৰ এয়াৰলাইনছ-য়ে আৰু বিজনেছ ক্লাছৰ বাবে প্ৰথম স্থান লাভ কৰিছে Qatar Airwaysয়ে। 

উল্লেখ কৰাৰ প্ৰয়োজন যে, ৱৰ্ল্ড এয়াৰলাইন এৱাৰ্ড প্ৰদান কৰা হৈছে ২০২১ৰ ছেপ্টেম্বৰৰ পৰা ২০২২ৰ আগষ্টলৈকে বিমানত যাত্ৰা কৰা যাত্ৰীসকলৰ মাজত অনলাইনযোগে কৰা সমীক্ষাৰ আধাৰত। 

এই সমীক্ষা ইংৰাজী, ফ্ৰান্স, স্পেনিছ, ৰাছিয়ান, জাপানীজ আৰু চাইনীজত কৰা হৈছিল।  আৰু এই পুৰষ্কাৰৰ দৌৰত আছিল ৩৫০ৰো অধিক এয়াৰলাইন। 

২০২২বৰ্ষত শীৰ্ষ ১০ত থকা এয়াৰলাইনসমূহ ক্ৰমে- ১. Qatar Airways, ২. Singapore Airlines, ৩. Emirates, ৪. All Nippon Airways (ANA), ৫. Qantas Airways, ৬. Japan Airlines, ৭. (Turk Hava Yollari) (Turkish Airlines), ৮.  Air France, ৯. Korean Air আৰু ১০. Swiss International Air Lines।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,570 other subscribers

Leave a comment

Leave a Reply Cancel reply