নিউজ ডেস্কঃ প্ৰতিগৰাকী ব্যক্তিৰে এখন মটৰচাইকেল লোৱাৰ সপোন। বিশেষকৈ ভাৰতত এই সপোন কেৱল এজন ব্য়ক্তিৰে নহয়, সম্পূৰ্ণ পৰিয়ালটোৰে থাকে। কিন্তু দিন বাগৰাৰ লগে লগে মটৰ চাইকেলৰ দাম বহু বৃদ্ধি পাইছে।
বিশেষকৈ মটৰ চাইকেলৰ ইঞ্জিনসমূহৰ BS6 মডেল অহাৰ পাছত প্ৰতিখন বাইকৰো প্ৰায় ৫হাজাৰৰ পৰা ১০ হাজাৰ পৰ্যন্ত দাম বাঢ়িছে। যাৰ ফলত বহু লোকৰ বাবে এখন মটৰ চাইকেল ক্ৰয় কৰাৰ সপোন সপোন হৈয়ে ৰৈ গৈছে।
পিছে ভাৰতত মটৰ চাইকেল নিৰ্মাণৰ কেইটামান কোম্পানী আছে, যি কেইটা কোম্পানীয়ে এতিয়াও মধ্য়বিত্ত শ্ৰেণীৰ লোকৰ প্ৰতি দৃষ্টি ৰাখি আৰু তেওঁলোকৰ সুবিধাসমূহৰ বাবে এনেধৰণৰ মটৰ চাইকেল নিৰ্মাণ কৰে। আজি তেনে ৫ খন বিশেষ বাইকৰ বিষয়ে আপোনালোকক জনোৱা হ’ব।
১. হিৰ’ এছ এফ ডিলাক্স
হিৰ’ মটকৰ্পছৰ এই বাইকখনৰ মূল্য প্ৰায় ৫৫ হাজাৰ টকাৰ পৰা আৰম্ভ হয়। পেট্ৰ’ল-ডিজেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই থকা বৰ্তমান সময়ত এই কেইখন বাইকে প্ৰতি লিটাৰ পেট্ৰ’লত ৬৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। ৯৭.২ চিচিৰ এইখন বাইক। ৭.৯১ বিএইচিপি আৰু ৮.০৫ Nm টৰ্ক ক্ষমতা আছে।

২. বাজাজ চিটি ১১০
আন এটি ভাৰতীয় বাইক নিৰ্মাণ কোম্পানী বাজাজেও প্ৰায় ৫৯ হাজাৰ টকাতে এইখন বাইক উপলব্ধ কৰাই গ্ৰাহকক। বাইকখনৰ ইঞ্জিন ১১৫.৪৫ চিচিৰ আৰু ইয়াৰ শক্তি ৮.৪৮ বিএইচপি আৰু ৯.৮১ Nm টৰ্ক। ইয়াৰ মাইলএজ প্ৰায় ৭০ কিলোমিটাৰ প্ৰতি লিটাৰত।

৩. হোণ্ডা চিডি ১১০ ড্ৰীম
জাপানৰ এই মটৰ চাইকেল কোম্পানীটোৱে ভাৰতীয় গ্ৰাহকৰ বাবে এখন ভাল বাইক উপলব্ধ কৰাই গ্ৰাহক। এইখন বাইকৰ মূল্য কিছু বেছি যদিও বাইকখনৰ ইঞ্জিনৰ ওপৰত গ্ৰাহকে বহু বছৰলৈ নিৰ্ভৰ কৰিব পাৰে। প্ৰায় ৭১ হাজাৰ টকাত উপলব্ধ এইখন বাইক। ৮.৬৭ বিএইচপি আৰু ৯.৩০ Nm টৰ্কৰ ক্ষমতা থকা বাইকখনৰ মাইলএজ ৬৫ কিলোমিটাৰ প্ৰতি লিটাৰত।

৪. হোণ্ডা এছ পি ১২৫
ভাৰতীয় গ্ৰাহকৰ বাবে কম দামতে ক্ৰয় কৰিব পৰা আনখন বাইকো হোণ্ডা কোম্পানীৰে হয়। এছ পি ১২৫ৰ মূল্য প্ৰায় ৮৩ হাজাৰ টকা। ১২৪ চিচিৰ এই বাইকখন দেখিবলৈ বহু আকৰ্ষণীয় আৰু ইয়াৰ ইঞ্জিন ক্ষমতা ক্ৰমে ১০.৭২ বিএইচপি আৰু ১০.৯ Nm টৰ্ক। এক লিটাৰ পেট্ৰ’লত এই বাইকখনে প্ৰায় ৬৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে।

৫. বাজাজ প্লেটিনা ১১০
এইখন বাইক বাজাজে নিৰ্মাণ কৰে। ১১৫.৪৫ চিচিৰ এই বাইকখনৰ মূল্য প্ৰায় ৬৭ হাজাৰ টকা। বাইকখনৰ ইঞ্জিন ক্ষমতা ৮.৪৪ বিএইচপি আৰু ৯.৮১ Nm টৰ্ক। কোম্পানীৰ তৰফৰ পৰা জনোৱা মতে, প্লেটিনা ১১০ৰ মাইলএজ ৭০ কিলোমিটাৰ প্ৰতি লিটাৰত।

ওপৰত উল্লেখ কৰা বাইক কেইখনৰ মূল্য কিছু ইফাল-সিফাল হ’ব পাৰে। কিয়নো প্ৰতিখন ৰাজ্য় আৰু জিলাত কোম্পানীসমূহৰ মূল্য কিছু পৰিমানে কম-বেছি হয়। কম মূল্যত ক্ৰয় কৰাৰ ক্ষেত্ৰত এই কেইখন বাইক গ্ৰাহকে সৰ্বাধিক পচন্দ কৰে।