ৰাজৰ্ষি চহৰীয়া
ভাৰতৰত্ন লতা মংগেশকাৰৰ আজি ৯৩ সংখ্যক জন্মজয়ন্তী। কেইবাদশক ধৰি সংগীতজগতখনক ইটোৰ পাছত সিটোকৈ গীত দি আহিছিল এইগৰাকী কন্ঠশিল্পীয়ে। কিন্তু আজি এইগৰাকী কোকিলকন্ঠী গায়িকা আমাৰ মাজত নাই। চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত মোম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।
লতা মংগেশকাৰক সকলোৱে লতা দিদি বুলিয়েই মাতিছিল। তেওঁ ৩৬শৰো অধিক ভাষাৰ গীতত কৰিছিল কন্ঠদান । আজি তেওঁৰ জন্মজয়ন্তীত তেওঁৰ অনুৰাগীসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও লতা মংগেশকাৰক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- আজি মই সুখী হৈছো এই কথা জনাবলৈ পায় যে- অযোধ্যাৰ এটা চ’কৰ নাম লতা মংগেশকাৰৰ নামত নামাকৰণ কৰা হৈছে। এইগৰাকী মহান শিল্পীক এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।
উল্লেখ্য যে, ভাৰতৰ এইগৰাকী নেপথ্য গায়িকাই অসমীয়া ভাষাৰ গীততো কন্ঠদান কৰিছিল। সুধাকন্ঠ ভূপেন হাজৰিকাই নিজে পৰিচালনা কৰা ‘এৰাবাটৰ সুৰ’ শীৰ্ষক চলচ্চিত্ৰখনৰ বাবে লতা মংগেশকাৰক গান গাবলৈ প্ৰস্তাৱ দিছিল।
১৯৫৬চনত এৰাবাটৰ সুৰ ছবিখনৰ ‘জোনাকৰে ৰাতি অসমৰে মাটি’ গীতটি গাইছিল। তাৰ লগতে এইখন চলচ্চিত্ৰৰে আন এটি গীত ”ৰদ পুৱাবৰ বাবে মাটিবানো কাক”ত কন্ঠদান কৰিছিল ভাৰতৰত্ন লতা মংগেশকাৰে।
তাৰপাছত ১৯৯২চনত সুধাকন্ঠই ৰচনা কৰা গীত ”গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম” গাইছিল লতা মংগেশকাৰে। তদুপৰি, লতা মংগেশকাৰে ভূপেন হাজৰিকাৰ বহুকেইটা গানৰ হিন্দী বা বাংলা সংস্কৰণত নিজৰ কণ্ঠ নিগৰাইছে।
উল্লেখযোগ্য যে, ১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ জ্যেষ্ঠ কন্যা লতা মংগেশকাৰে জন্ম লাভ কৰিছিল। তেওঁৰ পিতৃ আছিল মঞ্চশিল্পী তথা গায়ক। মাত্ৰ ৫ বছৰ বয়সতে পিতৃৰ সৈতে শিশু অভিনেত্ৰী ৰূপে মঞ্চত অভিনয় কৰিছিল তেওঁ।
তাৰপাছত ৭ বছৰ বয়সত তেওঁক মহাৰাষ্ট্ৰলৈ লৈ অহা হয়। এদিন লতা দিদিয়ে এখন ছবিত গীত গাবলৈ সুযোগ লাভ কৰে। সেয়া আছিল ১৯৮৭চনৰ কথা। চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে তেওঁৰ ছবি আপকী সেৱাত গীত গোৱাৰ সুযোগ দিছিল লতা মংগেশকাৰক।
তাৰ পাছত ১৯৪৯ চনত হিন্দী ছবিৰ অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৱে লতা মংগেশকাৰে কন্ঠদান কৰাৰ পাছতে বহু চৰ্চা লাভ কৰে। আৰু তেতিয়াৰ পৰা তেওঁৰ সংগীত জগতৰ যাত্ৰাখন তীব্ৰ বেগত আৰম্ভ হয়।
উল্লেখ্য যে, টাইমছ পত্ৰিকাই লতা মংগেশকাৰক ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল।
১৯৮৯চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰিছিল। তাৰপাছত ২০০১চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিছিল। ইফালে, ফ্ৰান্সে ২০০৯চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেশ্যনেল অৰ্ডাৰ অৱ দ্য লিজিয়ন অৱ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।
ইয়াৰ উপৰিও লতা মংগেশকাৰে লাভ কৰিছিল তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টা বেংগল ফিল্ম জাৰ্নেলিষ্ট এছচিয়েচন এৱাৰ্ড, চাৰিটা ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লে-বেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটাৰ লগতে আন বহুটো বঁটা।