মঙলদৈ, প্ৰবীণ বৰুৱাঃ দৰং জিলাৰ প্ৰতিশ্ৰুতিস ম্পন্ন উদীয়মান দবা খেলুৱৈ ভাৰ্ষিতা চহৰীয়াই ফিডে ৰেটিং লাভ কৰিছে। বিশ্ব দবা মহাসংঘই ১ জানুৱাৰীত প্ৰকাশ কৰা ৰেটিং তালিকা অনুসৰি ভাৰ্ষিতাই ১৩৮৮ ৰেটিং পইণ্ট লাভ কৰিছে।
উল্লেখ্য় যে, ২০২২ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মঙলদৈত অনুষ্ঠিত উত্তৰ-পূব দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ভাৰ্ষিতাৰ নাম ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে।
মঙলদৈ নিৱাসী ৰূপমজিৎ চহৰীয়া আৰু তন্দ্ৰালী বৰুৱা চহৰীয়াৰ সন্তান ভাৰ্ষিতা গ্লৰিয়াচ পাব্লিক স্কুল, মঙলদৈৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী।
ভাৰ্ষিতাৰ এই কৃতিত্বৰ কাৰণে দৰং জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক মাধৱ শৰ্মা আৰু সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতাই অভিনন্দন জনাইছে।